নলবাৰী, 10 আগষ্টঃ নলবাৰীত উপস্থিত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল । নলবাৰীৰ সাংস্কৃতিক আৰু সামাজিক দিশত বিশেষ অৰিহনা যোগোৱা নলবাৰী নাট্য মন্দিৰক সত্তৰ লাখ টকা ব্যয় সাপেক্ষে আধুনিকীকৰণ কৰাৰ পাচত শনিবাৰে পুনৰ আনুস্থানিকভাৱে মুকলি কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে । বিধায়ক অশোক শৰ্মা, সাংসদ দিলীপ শইকীয়া, জয়ন্ত মল্ল বৰুৱা আদিৰ উপস্থিতিত মুকলি কৰে সোণোৱালে ৷
ন-ৰূপত নলবাৰী নাট্য মন্দিৰ মুকলি কৰিলে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে - মুখ্যমন্ত্ৰী
নলবাৰীৰ সাংস্কৃতিক আৰু সামাজিক দিশত বিশেষ অৰিহনা যোগোৱা নলবাৰী নাট্য মন্দিৰক সত্তৰ লাখ টকা ব্যয় সাপেক্ষে আধুনিকীকৰণ কৰাৰ পাচত শনিবাৰে আনুস্থানিকভাৱে মুকলি কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে

নলবাৰীৰ টিহুলৈ নিৰ্ধাৰণ কৰা হৈছে গুৱাহাটীৰ সীমাঃ সোণোৱাল
আনহাতে, নলবাৰীত বহু মেধাৰ জন্ম হোৱা বুলি কোৱাৰ লগতে নলবাৰীয়ে অসমৰ কাৰণে বহু কৰিব পাৰে বুলিও মন্তব্য কৰে । তাৰোপৰি গুৱাহাটীৰ সীমা নলবাৰীৰ টিহুলৈ নিৰ্ধাৰণ কৰা হৈছে বুলিও কয় ৷
খেতিয়ক সকলৰ উৎপাদিত সামগ্ৰীৰ উচিত মূল্য পোৱাৰ ব্যবস্থা কৰা হৈছে বুলি ব্যক্ত কৰে মুখ্যমন্ত্ৰীয়ে । অসমৰ 27 লক্ষ্য খেতিয়কক সহায় কৰিবলৈ আঁচনি লোৱা হৈছে বুলিও উল্লেখ কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ।
নলবাৰীৰ টিহুলৈ নিৰ্ধাৰণ কৰা হৈছে গুৱাহাটীৰ সীমাঃ সোণোৱাল