নলবাৰী, 9 নৱেম্বৰ: নলবাৰী জিলাৰ বৰনৰ্দী গনেশ দেৱালয়ত সোমবাৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে অসম দৰ্শন আঁচনিৰে নিৰ্মিত স্থায়ী মঞ্চৰ উদ্বোধন কৰে ৷ ইয়াৰ পূৰ্বে মুখ্যমন্ত্ৰীয়ে বৰনৰ্দীৰ পূজাখোলাৰ ৫২০ বছৰীয়া দুৰ্গা মন্দিৰৰ প্ৰাংগণত অসম দৰ্শন আঁচনিৰ অধীনত নিৰ্মিত আন এটা ৰঙীন পকী পথৰ উদ্বোধন কৰিছিল ৷ অনুষ্ঠানটোৰ উদ্বোধনী ভাষনত মুখ্যমন্ত্ৰী উল্লেখ কৰে যে, অসম দৰ্শন আঁচনিৰ অধীনত ইতিমধ্যে ১০০০ মঠ মন্দিৰত দহ লাখ টকাকৈ অনুদান আগবঢ়োৱা হৈছে ৷ এই পুঁজিৰ সঠিক ব্যৱহাৰ হ’লে পুনৰ ১৫ লাখকৈ দিয়া হ’ব বুলি সদৰি কৰে মুখ্যমন্ত্ৰী সোণোৱালে ৷ মুখ্যমন্ত্ৰী সোণোৱালে ভাষণত ধৰ্মপুৰ সমষ্টিৰ বিধায়ক চন্দ্ৰমোহন পাটোৱাৰীৰ প্ৰশংসা কৰে ৷ তেওঁ ভাষণত নলবাৰীয়াসকল শিক্ষাৰ ক্ষেত্ৰত সকলোতকৈ আগবঢ়া বুলি কৈ উপস্থিত ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰে ৷
নলবাৰীত স্থায়ী মঞ্চৰ উদ্বোধন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ - নলবাৰী
অসম দৰ্শন আঁচনিৰ অধীনত ইতিমধ্যে ১০০০ মঠ মন্দিৰত দহ লাখ টকাকৈ অনুদান আগবঢ়োৱা হৈছে ৷ এই পুঁজিৰ সঠিক ব্যৱহাৰ হ’লে পুনৰ ১৫ লাখকৈ দিয়া হ’ব বুলি সদৰি কৰে মুখ্যমন্ত্ৰী সোণোৱালে ৷
নলবাৰীত স্থায়ী মঞ্চৰ উদ্বোধন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ
মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি বৰনৰ্দী গনেশ দেৱালয়ত স্থায়ী মঞ্চৰ উদ্বোধন কৰাৰ লগতে নলবাৰী জিলাৰ গণেশ মন্দিৰৰ চাৰিলেণ্ডযুক্ত পথৰ আধাৰশিলা স্থাপন কৰে ৷ তেওঁ লগতে হৰিমন্দিৰ নৱনিৰ্মিত অতিথিশালা গৃহৰ লগতে সৰিয়হতলিত এক অনুষ্ঠানত অংশগ্ৰহণ কৰে ৷ এই সময়ত মুখ্যমন্ত্ৰীৰ লগত উপস্থিত থাকে পৰিবহন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, নলবাৰী সমষ্টিৰ বিধায়ক অশোক শৰ্মা, বৰক্ষেত্ৰী সমষ্টিৰ বিধায়ক নাৰায়ণ ডেকা আৰু অসম পৰ্যটন উন্নয়ন নিগমৰ অধ্যক্ষ জয়ন্ত মল্ল বৰুৱা ৷
Last Updated : Nov 9, 2020, 10:15 PM IST