অসম

assam

By

Published : Apr 7, 2022, 5:15 PM IST

ETV Bharat / state

কালাপাহাৰৰ নাম বিদায় দিব লাগে : মুখ্যমন্ত্ৰী

আজিৰে পৰা পাঁচ দিনীয়াকৈ নলবাৰীৰ বৰ আজৰা বাসন্তী মন্দিৰত অনুষ্ঠিত হৈছে বাসন্তী পূজা ৷ এই অনুষ্ঠানৰ বাবে নলবাৰী বৰআজাৰাত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ৷ পোনে পোনে মা-বাসন্তীৰ চৰণত আশীষ লৈ মুখ্যমন্ত্ৰীয়ে কৰিলে কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য ৷

কালাপাহাৰৰ নাম বিদায় দিব লাগে : মুখ্যমন্ত্ৰী
কালাপাহাৰৰ নাম বিদায় দিব লাগে : মুখ্যমন্ত্ৰী

নলবাৰী, ৭ এপ্ৰিল : নলবাৰীত প্ৰায় আঠ কোটিটকীয়া প্ৰকল্প উদ্বোধন কৰিলে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই (CM Himanta in Nalbari)। নলবাৰীৰ বৰ আজাৰাত এক আড়ম্বৰপূৰ্ণ অনুষ্ঠানত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই উদঘাটন কৰিলে বৰ আজৰা বাৰোৱাৰী বাসন্তী পূজাৰ মুখ্যদ্বাৰ । লগতে বৰ আজাৰা বাসন্তী পূজাৰ সভাঘৰ আৰু সাংস্কৃতিক প্ৰকল্পৰ দ্বাৰ উন্মোচন কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ।

উল্লেখ্য যে, বিজেপিৰ ৰাজ্যিক সাংগঠনিক সম্পাদক ফণীন্দ্ৰ শৰ্মাৰ গৃহভূমি বৰ আজৰাত নতুনকৈ নিৰ্মাণ কৰা হৈছে বাসন্তী পূজাৰ সভাগৃহ, সংস্কৃতি প্ৰকল্প, আকৰ্ষণীয় মুখ্যদ্বাৰ, আকৰ্ষণীয় ৰঙ্গমঞ্চ, উদ্যান আদি । মন্দিৰ আৰু পূজাৰী এটি মাধ্যমহে, আমি আধ্যাত্মিক চিন্তা আৰু ভক্তি ৰসেৰে জীৱন সুন্দৰ কৰিব পাৰো বুলি মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ।

কালাপাহাৰৰ নাম বিদায় দিব লাগে : মুখ্যমন্ত্ৰী

সভাত ফণীন্দ্ৰ কুমাৰ শৰ্মাক প্ৰশংসা কৰি অসমত সমগ্ৰ বিজেপি পৰিয়ালটোক একত্ৰিত কৰি ৰখা মূল মানুহ জন ফণীন্দ্ৰ কুমাৰ শৰ্মা বুলিও মন্তব্য কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে পূজা অৰ্চনাৰ ফলত পূজাস্থলী স্বৰ্গস্থলীলৈ ৰূপান্তৰিত হয় । সনাতনী হিন্দু ধৰ্মৰ নীতি হ’ল সকলোৰে মংগল কামনা কৰা আৰু সেই বাবেই হিন্দুয়ে বিশ্বৰ কল্যাণ কামনা কৰে, বিশ্বৰ শান্তি কামনা কৰে বুলিও মন্তব্য কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।

ইপিনে, কালাপাহাৰ সম্পৰ্কত মন্তব্য কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে মন্দিৰ ধ্বংস কৰা এজন লোকক আমি কালাপাহাৰৰ স্থানৰ নামেৰে জীয়াই ৰাখিছো (CM Himanta on Kalapahar)। ইয়ো এক উদাৰতা বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ । এতিয়া কালাপাহাৰৰ নাম বিদায় দিব লাগে আৰু গুৱাহাটীৰ কালাপাহাৰৰ নাম সলনি কৰা চৰকাৰ লাগে বুলিও মন্তব্য মুখ্যমন্ত্ৰীৰ ।

লগতে পঢ়ক :বিহুনামক বিকৃত কৰাৰ অভিযোগত ইছমাইল হোছেইনৰ বিৰুদ্ধে থানাত গোচৰ

ABOUT THE AUTHOR

...view details