নলবাৰী, 3 জুলাই :"তেনেকৈ ভয় হয় নেকি ? বৰগোহাঁই, বুঢ়াহোহাঁই, বৰপাত্ৰগোহাঁই আৰু দেৱব্ৰত শইকীয়াও আছিলে, তেওঁকো বাদ দি এই মানুহসকল কিয় একত্ৰিত হ’ল আপোনালোকে কংগ্ৰেছক সুধিব ৷ ওচৰতে বিৰোধী দলৰ দলপতিজন থকাৰ পিচতে এই তিনিজনে তেওঁক একাষৰীয়া কৰি কিয় হাত দাঙিলে ? এইটো আমাৰ কাৰণে প্ৰশ্ন নহয় কংগ্ৰেছৰ কাৰণেহে প্ৰশ্ন ৷ তেওঁলোকে ইয়াত যদি কিবা উঠা বহাৰ প্ৰতিযোগিতা কৰি আছিল তেনেহ’লে মই সেই সম্পৰ্কে জ্ঞাত নহয় ৷ যদি সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰাখন কাৰ্যকৰী হয় তেনেহ’লে অসমৰ আটাইকেইটা সমষ্টিত আমাৰ জয় নিশ্চিত ৷" ৰাজ্যৰ ৰাজনীতিত খলকনি লগোৱা তিনি গগৈ সন্দৰ্ভত এনেদৰে মন্তব্য প্ৰকাশ কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷
সোমবাৰে বিকাশৰ কাৰ্যসূচীৰে নলবাৰীত উপস্থিত হয় মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ৷ মুখ্য়মন্ত্ৰীগৰাকীয়ে সাংবাদিকে পলাতক OC বিমান ৰয় সন্দৰ্ভত সোধা প্ৰশ্নত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়, "আপোনালোকে ইমান কিয় চিন্তা কৰিছে, ক’তনো যাব ? ভাৰতৰ ভিতৰতে আছে, ওলাই আহিবই ৷ এতিয়া যিমান মানুহ পলাতক হৈ আছে 8, 10 দিনৰ ভিতৰতটো ওলায়েই ৷ যদি এই ইহসংসাৰত থাকে তেনেহ’লে ওলাব ৷ যদি কিবা কাৰণত তেওঁ ভাৱে যে মই আৰু নোলাওৱেই তেতিয়া বেলেগ কথা ৷"