নলবাৰী,১৭ জানুৱাৰী:সমগ্ৰ ভাৰতবৰ্ষতে ১১ জানুৱাৰীৰ পৰা ১৭ জানুৱাৰীলৈ অনুষ্ঠিত কৰা হয় ৰাষ্ট্ৰীয় পথ সুৰক্ষা সপ্তাহ ২০২৩(Road safety week in India) । ভাৰতৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালভাৱে অসমৰ প্ৰতিখন জিলাতে অনুষ্ঠিত কৰা হ'য় ৰাষ্ট্ৰীয় পথ সুৰক্ষা সপ্তাহ ২০২৩ । সমান্তৰালভাৱে নলবাৰী জিলাত পৰিবহন বিভাগৰ উদ্যোগত চলিত মাহৰ ১১ জানুৱাৰীৰ পৰা ১৭ জানুৱাৰীলৈ সপ্তাহজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হৈছিল ৰাষ্ট্ৰীয় পথ সুৰক্ষা সপ্তাহ ২০২৩(National Road Safety Week 2023) ।
সেইমৰ্মে এই সপ্তাহজোৰা কাৰ্যসূচী অনুসৰি পথ সুৰক্ষা সপ্তাহ উপলক্ষে নলবাৰী জিলা পৰিবহন বিভাগৰ উদ্যোগত জিলাখনৰ বিভিন্ন প্ৰান্তত সজাগতামূলক কাৰ্যসূচী ৰূপায়ন কৰা হয়(Road safety awareness programme) । ৰাষ্ট্ৰীয় পথ সুৰক্ষা সপ্তাহ ২০২৩ উপলক্ষে সজাগতামূলক ৰেলী, বাটৰ নাট, পথ সুৰক্ষা সন্দৰ্ভত লিফলেট বিতৰণ, চিত্ৰাংকন প্ৰতিযোগিতা আদি কাৰ্যসূচীত ৰূপায়ন কৰা হয় । সুকলমে সকলো কাৰ্যসূচী সমাপ্ত হোৱাৰ পাছত মঙলবাৰে অৰ্থাৎ ১৭ জানুৱাৰীত ৰাষ্ট্ৰীয় পথ সুৰক্ষা সপ্তাহৰ অন্তিম দিনৰ কাৰ্যসূচী নলবাৰী চহৰৰ গড়কাপ্তানী বিভাগৰ কাৰ্যালয়ত অনুষ্ঠিত কৰা হয়(Closing Ceremony of Road Safety Week in Nalbari) ।
মঙলবাৰৰ অন্তিম দিনৰ কাৰ্যসূচীত এখন সজাগতামূলক সভা অনুষ্ঠিত কৰা হয় । সভাৰ লগত সংগতি ৰাখি গীত-নৃত্য অনুষ্ঠানৰ লগতে চিত্ৰাংকন প্ৰতিযোগিতাৰ পুৰস্কাৰ বিতৰণ কৰা হয় । তদুপৰি এই অনুষ্ঠানত নলবাৰী জিলা উপায়ুক্ত গীতিমণি ফুকনে বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি পথ সুৰক্ষা সন্দৰ্ভত ভাষণ প্ৰদান কৰে ।