নলবাৰী, 20 মাৰ্চ :দৌল মহোৎসৱ উপলক্ষে ভক্তিৰসত ডুব গৈছিল ৰাজ্যবাসী ৷ ফাগুণৰ পূৰ্ণিমাৰ দিনাৰে পৰা ৰাজ্যৰ ভিন্ন প্ৰান্তত অনুষ্ঠিত মহাপ্ৰভূ শ্ৰীকৃষ্ণৰ দৌলোৎসৱৰ শনিবাৰে সামৰণি পৰে ৷ নলবাৰীৰ গুৰুত্বপূৰ্ণ স্থান হিচাপে পৰিচিত বৰভাগৰ কালাগৰ শ্যামৰায় সত্ৰতো (Barbhag Shyamrai Satra) বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হয় দৌল মহোৎসৱ ৷ তিনিদিনীয়াকৈ অনুষ্ঠিত এই দৌলোৎসৱত ভিৰ কৰেহি ভিন্ন প্ৰান্তৰ সহস্ৰাধিক লোকে ৷ শনিবাৰে অনুষ্ঠিত সুঁৱেৰীৰ পিছতে সামৰণি পৰে এই দৌল উৎসৱৰ (Holi Celebrations in Barbhag Shyamrai Satra) ৷
প্ৰবাদ অনুসৰি, মহাপ্ৰভূ শ্ৰীকৃষ্ণই তেওঁৰ একান্ত ভক্ত ঘুনুচাৰ গৃহলৈ যাত্ৰা কৰাৰ দিনৰে পৰা আৰম্ভ হয় এই দৌল মহোৎসৱৰ ৷ মণিকূটৰ পৰা ওলাই গৈ ঘুনুচাৰ বাৰীত উপস্থিত হোৱা মহাপ্ৰভূৱে লক্ষ্মী আইক এৰি ঘুনুচাক বিয়া পতাৰো প্ৰবাদ শতিকাজুৰি চলি আহিছে ৷ ঘুনুচাৰ ঘৰত এদিন থকাৰ পিছত তেওঁ পুনৰ উভতি আহে লক্ষ্মী আইৰ গৃহলৈ ৷ মূলতঃ এই দিনটোকে সুঁৱেৰী বুলি কোৱা হয় ৷