নলবাৰী, 31 ডিচেম্বৰ :বছৰৰ অন্তিমটো দিনত নলবাৰী চহৰত ৰাতিপুৱাৰ পৰা চাফ-চিকুণত ব্যস্ত বিভিন্ন বিভাগৰ কৰ্মচাৰী সকলে। নলবাৰী চহৰৰ মাজমজিয়াত অৱস্থিত নাট্য মন্দিৰৰ পৰা আৰম্ভ কৰি নলবাৰী বজাৰ হৈ চহৰৰ বিভিন্ন প্ৰান্তত কৰ্মচাৰী সকলে চলালে চাফাই অভিযান। ৰাইজৰ দ্বাৰা ৰাইজৰ বাবে নলবাৰী চহৰ পৰিষ্কাৰ অভিযানত অংশ লৈ হাতত ঝাড়ু ল'লে জিলা উপায়ুক্ত ভাৰত ভূষণ দেৱ চৌধুৰীয়ে ৷ এনেদৰেই নলবাৰী চহৰ চাফ-চিকুণ কৰি পুৰণিক বিদায় দি নতুনক আদৰিবলৈ সাজু হৈছে জিলাখনৰ লোকসকল।
চাফাই অভিযানেৰে নতুনক আদৰিলে নলবাৰী ৰাইজে - nalbari
নলবাৰী চহৰত বছৰৰ অন্তিমটো দিনত চাফ-চিকুণত ব্যস্ত বিভিন্ন বিভাগৰ কৰ্মচাৰী সকল ৷ অংশ ল'লে নলবাৰী চহৰৰ জিলা উপায়ুক্ত ভাৰত ভূষণ দেৱ চৌধুৰীয়ে ৷
চাফাই অভিযানেৰে নতুনক আদৰিলে নলবাৰী ৰাইজে