অসম

assam

By

Published : Sep 15, 2020, 6:34 PM IST

ETV Bharat / state

দোকানতেই পৰি ৰৈছে বিশ্বকৰ্মা পূজাৰ মৃন্ময় মূৰ্তি

অৰ্ডাৰ অবিহনে মূৰ্তি প্ৰস্তুত কৰিছে মৃন্ময় শিল্পীসকলে । নিপুণ হাতৰ পৰশত প্ৰাণ পাই উঠা এই প্ৰতিমূৰ্তিৰ দোকান সমূহত নাই গ্ৰাহকৰ ভিৰ,এই পৰ্যন্ত মাত্ৰ ৫০ টা মূৰ্তি নিৰ্মাণ কৰিছে যদিও এতিয়ালৈকে অহা নাই পূজাৰ গ্ৰাহক ৷

দোকানতেই পৰি ৰৈছে বিশ্বকৰ্মা পূজাৰ মৃন্ময় মূৰ্তি
দোকানতেই পৰি ৰৈছে বিশ্বকৰ্মা পূজাৰ মৃন্ময় মূৰ্তি

নলবাৰী,15 ছেপ্টেম্বৰ : বিশ্বকৰ্মা পূজালৈ মাজত মাত্ৰ এটা দিন ৷ শাস্ত্ৰত কোৱা হৈছে,সত্যযুগত বিশ্বকৰ্মাই স্বৰ্গলোক সৃষ্টি কৰিছিল,ত্ৰেতা যুগত সোণৰ লংকা, দ্বাপৰত দ্বাৰকা নগৰ আৰু কলিযুগত হস্তিনাপুৰ আৰু ইন্দ্ৰপ্ৰস্থ সৃষ্টি কৰিছিল ৷

দোকানতেই পৰি ৰৈছে বিশ্বকৰ্মা পূজাৰ মৃন্ময় মূৰ্তি

বিগত সময়ছোৱাত বিশ্বৰ খনিকৰ বিশ্বকৰ্মা পূজাৰ প্ৰাকক্ষণত বিভিন্ন ধৰণৰ প্ৰস্তুতি দেখিবলৈ পোৱা গৈছিল ৷ কিন্তু এইবাৰ পূজাৰ পৰিৱেশ সেৰেঙা ৷ কৰ’ণা মহামাৰীৰ বাবেই ম্লান হৈ পৰিছে চৌপাশ ৷ যদিওবা বিশ্বকৰ্মালৈ এটা দিন কিন্তু এইবাৰ দেখিবলৈ পোৱা নাই মৃন্ময় শিল্পীৰ উছাহ ।

নলবাৰীৰ ৰাম প্ৰসাদ পাল নামৰ এইগৰাকী ব্যক্তিয়ে বশাংনুক্ৰমে মৃন্ময় মূৰ্তি প্ৰস্তুত কৰি আহিছে যদিও কৰণা ভাইৰাছৰ বাবে এইসকল মৃন্ময় মূৰ্তিৰ খনিকৰৰ উছাহ নাই । অৰ্ডাৰ অবিহনেই মূৰ্তি প্ৰস্তুত কৰিছে যদিও অনিশ্চয়তাত ভুগিছে এই সকল শিল্পীয়ে ।

নিপুণ হাতৰ পৰশত প্ৰাণ পাই উঠা এই প্ৰতিমূৰ্তিৰ দোকান সমূহত নাই গ্ৰাহকৰ ভিৰ । এই পৰ্যন্ত মাত্ৰ ৫০ টা মূৰ্তি নিৰ্মাণ কৰিছে যদিও এতিয়ালৈকে অহা নাই পূজাৰ গ্ৰাহক । ইফালে এইগৰাকী খনিকৰে প্ৰতিবছৰে দুৰ্গা,বিশ্বকৰ্মা,লক্ষ্মী,কালিৰ লগতে প্ৰস্তুত কৰে বিভিন্ন দেৱ-দেৱীৰ মূৰ্তি । কিন্তু এইবেলি এতিয়াও অহা নাই দূর্গা পূজাৰ মুৰ্তি প্ৰস্তুত কৰাৰ অৰ্ডাৰ । প্ৰতিবছৰে নলবাৰীৰ লগতে অসমৰ ভিন্ন প্ৰান্তৰ বাবে এইগৰাকী খনিকৰে দহখনকৈ প্ৰতিমা প্ৰস্তুত কৰে । কিন্তু লক ডাউন আৰু ক’ৰণা ভাইৰাছে এওঁলোকৰ জীৱিকা লৈ কঢ়িয়ায় আনিছে চৰম ভাবুকি ৷

লগতে পঢ়ক :ক্ৰমাৎ অনিশ্চয়তাৰ দিশে বাঘজানবাসীৰ ভৱিষ্যত

ABOUT THE AUTHOR

...view details