নলবাৰীত অষ্টম শ্ৰেণীৰ ছাত্ৰ নিৰূদ্দেশ - নলবাৰীৰ বাঁহজানী
খুড়ীয়েকৰ লগত কাজিয়া লাগি 12 দিনে নিৰূদ্দেশ হৈ আছে ছাত্ৰজন ৷
![নলবাৰীত অষ্টম শ্ৰেণীৰ ছাত্ৰ নিৰূদ্দেশ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-4544266-thumbnail-3x2-jng.jpg)
নলবাৰী, 25 ছেপ্টেম্বৰ: নলবাৰীৰ বাঁহজানীত সামান্য কথাত খুড়ীয়েকৰ লগত কাজিয়া লাগি বিগত 12 দিনে নিৰূদ্দেশ হৈ আছে ধনজিৎত তালুকদাৰ নামৰ এগৰাকী অষ্টম শ্ৰেণীৰ ছাত্ৰ ৷ এইদৰে আত্মীয়ৰ লগত মনোমালিন্য ঘটি এজন অষ্টম শ্ৰেণীৰ ছাত্ৰ নিৰূদ্দেশ হোৱা ঘটনাই এতিয়া তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে সমগ্ৰ নলবাৰী চহৰত ৷ দিন হাজিৰা কৰি জীৱিকা নিৰ্বাহ কৰা দৰিদ্ৰ পৰিয়ালটিৰ একমাত্ৰ পুত্ৰ নিৰূদ্দেশ হোৱাত দিক-বিদিক হেৰুৱাই সকলোকে কান্দি কান্দি নিজ পুত্ৰৰ ফটো দেখুৱাই পুত্ৰৰ সন্ধান কৰিছে দুৰ্ভগীয়া মাতৃয়ে ৷ কিশোৰজনৰ এইদৰে ৰহস্যজনক নিৰূদ্দেশৰ ঘটনা সন্দৰ্ভত পৰিয়ালটোৱে ইতিমধ্যে নলবাৰী সদৰ আৰক্ষী থানাত এক গোচৰো ৰুজু কৰিছে যদিও এই পৰ্যন্ত কোনো শুংসূত্ৰ লাভ কৰা নাই ছাত্ৰ জনৰ ৷