নলবাৰী, 20 ডিচেম্বৰ : মুকালমুৱাৰ চান্দাত দুই ফৈদৰ মাজত সৃষ্টি হয় তুমুল সংঘৰ্ষ ৷ দেওবাৰে মুকালমুৱাৰ চান্দাত বহ্মপুত্ৰ নৈৰ চাপৰিত কৰা খেতিক কেন্দ্ৰ কৰি দুই ফৈদৰ মাজত সৃষ্টি হয় তুমুল সংঘাতৰ(Two groups clash at mukalmua) ৷ যাঠি, জোং লৈ হোৱা আক্ৰমণৰ ফলত আহত হয় কেইবাজনো লোক ৷
জানিব পৰা মতে, মুকালমুৱাৰ চান্দা গাৱঁৰ পৰেশ হালৈ নামৰ লোকজনে চৰ চাপৰিৰ এডোখৰ ভূমিত কৰিছিল মাহৰ খেতি ৷ পৰেশ হালৈৰ এই খেতিডৰা বলপূৰ্বকভাবে একাংশ লোকে দখলৰ চেষ্টা চলোৱাৰ অভিযোগ উত্থাপন কৰিছে চান্দা গাৱঁৰ ৰাইজে ।
মুকালমুৱাৰ চান্দাত দুই ফৈদৰ মাজত তুমুল সংঘৰ্ষ প্ৰথমে খেতি ডৰাক লৈ দুয়ো ফৈদৰ মাজত সৃষ্টি হয় বাক বিতণ্ডাৰ (Clash between two groups at Mukalmua)। ইয়াৰ পাছতে দুই ফৈদৰ মাজত প্ৰথমে তৰ্কাতৰ্কিৰ সূত্ৰপাট ঘটি পৰৱৰ্তী সময়ত ই আক্ৰমণ প্ৰত্যাক্ৰমণৰ ৰূপ লয় ৷ ফলত দুয়ো ফৈদৰ মুঠ পাঁচজনকৈ লোক আহত হয় । আহত লোক কেইজন ক্ৰমে প্ৰতুল হালৈ, বসন্ত হালৈ, পৰেশ হালৈ, চন্দন পাঠক আৰু নাজিৰ আলী বুলি জানিব পৰা গৈছে ।
ইয়াৰ পাছতে গুৰুতৰভাবে আহত লোক কেইজনক মুকালমুৱা চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ৷ বৰ্তমান এই ঘটনাৰ সন্দৰ্ভত নলবাৰী আৰক্ষী অধীক্ষক আৰু মুকালমুৱা আৰক্ষী ঘটনাস্থলীত উপস্থিত হোৱাৰ লগতে সমগ্ৰ ঘটনাক লৈ তদন্ত অব্যাহত ৰাখিছে ৷
লগতে পঢ়ক :কলগাছিয়াত দুই ফৈদৰ সংঘাতত ৪ জন আহত