নলবাৰী, 23 নৱেম্বৰ : নলবাৰীত চি আই টি ইউৰ প্ৰতিবাদী সমদল ৷ চি আই টি ইউ আৰু নিখিল ভাৰত কৃষক সমিতিৰ আহ্বানত নলবাৰীত অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি,শ্ৰমিক, কৃষক আৰু নিবনুৱা যুৱক যুৱতীৰ স্বাৰ্থ বিৰোধী নীতি পৰিৱৰ্তনৰ দাবীত আৰু সাম্প্ৰদায়িক ৰাজনীতিৰ বিৰুদ্ধে শ্ৰমিক সমাৱেশ ৷ নলবাৰী চহৰৰ মাজৰে দুই শতাধিক শ্ৰমিকে প্ৰতিবাদী সমদল উলিয়াই বিভিন্ন শ্ল'গানেৰে নলবাৰীৰ আকাশ বতাহ কঁপাই তোলে ৷
নলবাৰীত চি আই টি ইউৰ প্ৰতিবাদী সমদল - CITU
নিখিল ভাৰত কৃষক সমিতিৰ আহ্বানত নলবাৰীত চি আই টি ইউৰ প্ৰতিবাদী সমদল ৷ অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি, শ্ৰমিক, কৃষক আৰু নিবনুৱা যুৱক যুৱতীৰ স্বাৰ্থ বিৰোধী নীতি পৰিৱৰ্তনৰ দাবীত বিভিন্ন শ্ল'গানেৰে নলবাৰীৰ আকাশ বতাহ কঁপাই তোলে ৷
![নলবাৰীত চি আই টি ইউৰ প্ৰতিবাদী সমদল As_nlb_01__CITU_Protest_vis_as10004](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-9637538-thumbnail-3x2-gvsjg.jpg)
নলবাৰীত চি আই টি ইউৰ প্ৰতিবাদী সমদল
নলবাৰীত চি আই টি ইউৰ প্ৰতিবাদী সমদল
সংগঠনটোৱে চৰকাৰে ৰাজহুৱা সম্পত্তি বিক্ৰী কৰাৰ লগতে অপৰিকল্পিত ভাৱে ল'কডাউন ঘোষণা কৰি ভাৰতৰ অৰ্থনীতি দুৰ্বল কৰি পেলোৱাৰ বাবে এই তীব্ৰ সংগ্ৰাম গঢ়ি তুলিছে বুলি মন্তব্য কৰে ৷ নলবাৰী চিআই টি ইউৰ কাৰ্যালয়ৰ পৰা আৰম্ভ কৰি নলবাৰী চহৰৰ মাজেৰে প্ৰতিবাদী সমদল উলিয়াই ২৬ নৱেম্বৰত ভাৰত বন্ধ কৰাৰ বাবে প্ৰচাৰ কাৰ্য চলাইছে বুলি প্ৰতিবাদকাৰীয়ে মত প্ৰকাশ কৰে ৷
লগতে পঢ়ক:মিউজিক থেৰাপী প্ৰদান কৰা হৈছে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈক