নলবাৰী, ২৬ অক্টোবৰঃ নলবাৰী নাট্য মন্দিৰত আৰক্ষী সঞ্চালক প্ৰধান কুলধৰ শইকীয়া ৰচিত লালুকসোলা নাট মঞ্চস্থ হয় । দৰ্শকৰ শাৰীত বহি নাট উপভোগ কৰিলে কুলধৰ শইকীয়াই ।
নলবাৰী নাট্য় মন্দিৰত স্ব-ৰচিত নাট উপভোগ কৰিলে আৰক্ষী সঞ্চালক প্ৰধানে
নলবাৰী জিলা প্ৰশাসনৰ সহযোগত চিফুং দা আৰ্টিছৰ উদ্যোগত ৰঙ্গমঞ্চ গুৱাহাটীৰ দ্বাৰা মঞ্চস্থ হয় আৰক্ষী সঞ্চালক প্ৰধান ড৹ কুলধৰ শইকীয়াৰ স্ব-ৰচিত নাট লালুকসোলা । নাট খন উপভোগ কৰাৰ বাবে দৰ্শকৰ শাৰীত বহিল আৰক্ষীৰ শীৰ্ষ বিষয়া গৰাকী ।
নলবাৰী জিলা প্ৰশাসনৰ সহযোগত চিফুং দা আৰ্টিছৰ উদ্যোগত ৰঙ্গমঞ্চ গুৱাহাটীৰ দ্বাৰা মঞ্চস্থ হয় আৰক্ষী সঞ্চালক প্ৰধান ড৹ কুলধৰ শইকীয়াৰ দ্বাৰা স্ব-ৰচিত নাট লালুকসোলা । নাট খন উপভোগৰ বাবে নলবাৰী নাট্য মন্দিৰৰ ৰঙ্গমঞ্চত দৰ্শকৰ শাৰীত একেলগে বহিলে আৰক্ষীৰ শীৰ্ষ বিষয়া গৰাকী । তাৰোপৰি আৰক্ষী সঞ্চালকপ্ৰধান গৰাকীয়ে নাটখন উপভোগ কৰাৰ লগতে এটি এলবামো মুকলি কৰে । জনপ্ৰিয় কবি প্ৰনৱ কুমাৰ বৰ্মনে আঁত ধৰা অনুষ্ঠানটোত ভাষণ প্ৰদান কৰি আৰক্ষীৰ বিষয়া গৰাকীয়ে কয় যে, এই লালুকসোলা নাটক খন ১৯৮৮ চনতে শিৱসাগৰত অতিৰিক্ত আৰক্ষী অধীক্ষকৰ দ্বায়িত্বত থকাৰ সময়তে ৰচনা কৰিছিল আৰু সেই নাটখনেই দৰ্শকৰ শাৰীত বহি উপভোগ কৰিবলৈ পাই তেওঁ আপ্লুট হৈ । আৰক্ষী সঞ্চালক প্ৰধান গৰাকীৰ দ্বাৰা ৰচিত এই নাট খন উপভোগ কৰিবলৈ প্ৰশাসনৰ বিষয়ববীয়া সকলৰ লগতে বহু কেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে ।