নলবাৰী,6 ডিচেম্বৰ : নলবাৰীত শনিবাৰে নিশা এটি দেৱশিশু উদ্ধাৰক লৈ সমগ্ৰ নলবাৰী জিলাত সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ ৷ প্ৰাপ্ত তথ্য় অনুসৰি, নলবাৰী জিলাৰ সীমান্তৱৰ্তী বাক্সা জিলা বৰবৰী থানাৰ অন্তৰ্গত পাখামাৰা গাঁৱত দিৰিং নৈৰ দলঙৰ তলত পানীযুঁৱলীত কোনো অজ্ঞাত লোকে পেলাই থৈ যায় এটি দেৱশিশু ৷
পানীযুঁৱলীত পেলাই থৈ গ’ল দেৱ শিশু - শিশু
নলবাৰী জিলাৰ সীমান্তৱৰ্তী বাক্সা জিলা বৰবৰী থানাৰ অন্তৰ্গত পাখামাৰা গাঁৱত দিৰিং নৈৰ দলঙৰ তলত পানীযুঁৱলীত এটি দেৱশিশু উদ্ধাৰ ৷ শনিবাৰে নিশা কোনো অজ্ঞাত লোকে পেলাই থৈ যোৱা শিশুটি উদ্ধাৰ কৰে স্থানীয় ৰাইজে ৷
![পানীযুঁৱলীত পেলাই থৈ গ’ল দেৱ শিশু child recovered in nalbari](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-9781677-thumbnail-3x2-n.jpg)
নলবাৰীত এটি দেৱশিশু উদ্ধাৰ
নলবাৰীত এটি দেৱশিশু উদ্ধাৰ
প্ৰত্যক্ষদৰ্শী স্থানীয় ৰাইজে কান্দোন শুনি শিশুটি উদ্ধাৰ কৰে আৰু স্থানীয় আৰক্ষীৰ সহযোগত শিশুটিৰ উন্নত চিকিৎসাৰ বাবে নলবাৰী শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰে ৷ বৰ্তমান শিশুটি সুস্থ বুলি চিকিৎসকে জানিবলৈ দিয়ে ৷
লগতে পঢ়ক :কলিয়াবৰত বন্য়হস্তীৰ মুক্ত বিচৰণত আতংকিত ৰাইজ