অসম

assam

ETV Bharat / state

নলবাৰীৰ শেহতীয়া পৰিস্থিতি পৰিদৰ্শন মুখ্যমন্ত্ৰীৰ

নলবাৰীৰ শেহতীয়া পৰিস্থিতি পৰিদৰ্শন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ । গৰু বিহুৰ দিনা নলবাৰীত উপস্থিত হৈ মুখ্যমন্ত্ৰী গৰাকীয়ে প্ৰথম বহাগৰ সন্ধিয়া ৰাজ্যবাসীক এগচি চাকি জ্বলাই শান্তি কামনা কৰিবলৈ আহ্বান জনায় ৷

By

Published : Apr 13, 2020, 7:56 PM IST

Chief minister visit nalbari
নলবাৰীৰ শেহতীয়া পৰিস্থিতি পৰিদৰ্শন মুখ্যমন্ত্ৰীৰ

নলবাৰী,13 এপ্ৰিলঃ ৰঙালী বিহুৰ সংক্ৰান্তিৰ দিনা অৰ্থাৎ সোমবাৰে নলবাৰীত উপস্থিত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল । সোমবাৰে বিয়লিৰ ভাগত জিলা উপায়ুক্তৰ কাৰ্যালয়ত মুখ্যমন্ত্ৰী গৰাকী উপস্থিত হৈ স্বাস্থ্য বিভাগকে ধৰি বিভিন্ন বিভাগৰ বিষয়াসকলৰ সৈতে এক বৈঠকত মিলিত হয় । বৈঠকৰ অন্তত সাংবাদিকক সম্বোধন কৰি মুখ্যমন্ত্ৰী সোণোৱালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আহ্বানৰ প্ৰতি সঁ‌হাৰি জনাই ৰাজ্যবাসীয়ে সামাজিক দূৰত্ব বজাই ৰাখি লক ডাউন পালন কৰাৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰে ৷ লগতে জৰুৰীকালীন সেৱাত জড়িত প্ৰত্যেককে ধন্যবাদ জ্ঞাপন কৰে । মুখ্য়মন্ত্ৰী গৰাকীয়ে শেহতীয়া পৰিস্থিতিৰ ক্ষেত্ৰত ৰাজ্যৰ সকলো ৰাজনৈতিক দলে দেখুওৱা দৃঢ়তাৰ বাবে ধন্যবাদ জনায় ৷

নলবাৰীৰ শেহতীয়া পৰিস্থিতি পৰিদৰ্শন মুখ্যমন্ত্ৰীৰ

সমান্তৰালকৈ ৰাজ্যবাসীক পৰিষ্কাৰ-পৰিচ্ছন্নকৈ থাকি পৰিয়ালৰ মাজতে বিহু পালনৰ বাবে আহ্বান জনায় । ইফালে লক ডাউন শিথিল কৰাৰ সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত কেন্দ্ৰীয় চৰকাৰৰ নীতি-নিৰ্দেশনা অনুসৰণ কৰা হ’ব বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে ৷

লগতে চাওকঃসৰভোগৰ ম’হৰ এঠা দৈ অবিহনে এইবাৰ ৰঙালী বিহু....

ABOUT THE AUTHOR

...view details