নলবাৰী, 20 নৱেম্বৰ: নলবাৰীতো শুকুৰবাৰে ক’ভিড প্ৰট’কল মাজৰে পালন কৰা হয় ষট পূজা । ষট পূজা উপলক্ষে নলবাৰীৰ পাগলদিয়া ঘাটত ভক্তৰ ব্যাপক ভিৰ পৰিলক্ষিত হয় । উল্লেখ্য যে,বিহাৰী সম্প্ৰদায়ৰ লোকসকলে সূৰ্যক প্ৰণাম কৰাৰ উদ্দেশ্যে উদযাপন কৰে ষট পূজা ৷ প্ৰতিবছৰে জাকজমকতাৰ মাজেৰে পালন কৰা ষট পূজা এইবাৰ ক’ভিদ নিৰ্দেশনা মানি কেৱল ধৰ্মীয় নীতি নিয়মৰ মাজেৰে পালন কৰা হয় । নলবাৰী চহৰৰ বাস কৰা বিহাৰী সম্প্ৰদায়ৰ লোকসকলে স্তুতি কৰি আহি পাগলদিয়া পাৰত চাকি নৈবেদ্য শৰাই আগবঢ়াই পূজা সূৰ্য দেৱতাক পূজা কৰে ৷
নলবাৰীৰ পাগলদিয়া ঘাটত ষট পূজা পালন
প্ৰতিবছৰে জাকজমকতাৰ মাজেৰে পালন কৰা ষট পূজা এইবাৰ ক’ভিদ নিৰ্দেশনা মানি কেৱল ধৰ্মীয় নীতি নিয়মৰ মাজেৰে পালন কৰা হয় ।
নলবাৰীৰ পাগলদিয়া ঘাটত ষট পূজা পালন