অসম

assam

ETV Bharat / state

ধৰ্মপুৰত বিদায় হ’ব চন্দ্ৰমোহন পাটোৱাৰীৰঃ কংগ্ৰেছৰ সম্পাদক দিগন্ত ভূষণ বৰ্মন

নলবাৰীৰ বিল্বেশ্বৰ দেৱালয়ত আশীৰ্বাদ গ্ৰহণ ন কংগ্ৰেছীৰ ৷ নলবাৰীৰ বিল্বেশ্বৰ দেৱালয়ত আশীৰ্বাদ ল’লে গায়ক বাবু, নেকিব আৰু অজয় ফুকনে ৷

By

Published : Aug 30, 2020, 6:45 PM IST

Chandramohan Patwari will be leave form Dharmapur : Diganta Bhushan Barman
Chandramohan Patwari will be leave form Dharmapur : Diganta Bhushan Barman

নলবাৰী, 30 আগষ্ট: নলবাৰীৰ বিল্বেশ্বৰ দেৱালয়ত দেওবাৰে আশীৰ্বাদ গ্ৰহণ কৰে শেহতীয়াকৈ কংগ্ৰেছ দলত যোগদান কৰা গায়ক বাবু, নেকিব আৰু অজয় ফুকনে ৷ এই কাৰ্যসূচীত তিনিওকে লগ দিয়ে অসম প্ৰদেশ কংগ্ৰেছৰ সম্পাদক দিগন্ত ভূষণ বৰ্মনে ৷ নলবাৰীৰ বিল্বেশ্বৰ দেৱালয়ত উপস্থিত হৈয়ে সম্পাদকগৰাকীৰ মন্তব্য ধৰ্মপুৰৰ পৰা এইবাৰ বিদায় হ’ব চন্দ্ৰমোহন পাটোৱাৰীক ৷

ধৰ্মপুৰত বিদায় হ’ব চন্দ্ৰমোহন পাটোৱাৰীৰ : দিগন্ত ভূষণ বৰ্মন

ইপিনে শিল্পীসমাজ ৰাজনীতিত অহা বাবে একাংশই দুখ পাইছে সঁচা, কিন্তু জাতিৰ স্বাৰ্থতে আমি কংগ্ৰেছ দললৈ আহিছো বুলি মন্তব্য কৰে কন্ঠশিল্পী বাবু বৰুৱাই ৷ লগতে কংগ্ৰেছত যোৱাটো আমাৰ ভুল নহয় ৷ কা বিৰোধ কৰা শিল্পী সকল কংগ্ৰেছত যোগদান কৰাটো ভুল হোৱা নাই ৷ আমি ৰাইজৰ কাৰণে ওলাই আহিছো ৷ ৰাইজে আমাক বিশ্বাস কৰে বুলিও সংবাদ মাধ্যমৰ আগত ব্যক্ত কৰে বাবুয়ে ৷

বাবু বৰুৱাৰ প্ৰতিক্ৰিয়া

আনহাতে আগন্তুক দিনত ভাল কাম কৰি যোৱাৰ লগতে অসমৰ যি বৰ্তমানৰ সমস্যা আছে তাৰ হকে মাত মাতিব পাৰে তাৰ বাবে ভগৱানৰ আশীৰ্বাদ লোৱা বুলি উল্লেখ কৰে অজয় ফুকনে ৷ লগতে কোনোবাই আমাক সুবিধাবাদী আখ্যা দিব পাৰে কিন্তু আমি ৰাইজৰ প্ৰতি সদায় দায়বদ্ধ আৰু জাতি উদ্ধাৰৰ বাবেই কংগ্ৰেছত যোগদান কৰা বুলি মন্তব্য আগবঢ়াই ফুকনে ৷

অজয় ফুকনৰ মন্তব্য

জুবিন গাৰ্গৰ ফুটবল দল সন্দৰ্ভতো অজয়ে কয়, আজিৰ পৰা আঠ মাহ আগতে আমি ফুটবল নেখেলাৰ সিদ্ধান্ত লৈছিলো ৷ কাৰণ জুবিন দা অসুস্থ হৈ পৰিছিল ৷ কিন্তু খেলক লৈ আমি ৰাজনীতি কৰা নাই আৰু নকৰো ৷ আনহাতে আটাইকেইগৰাকীয়ে দেওবাৰে প্ৰয়াত ভ্ৰাম্যমানৰ অভিনেতা জীৱেশ্বৰ ডেকাৰ বাসভৱনত গৈ পৰিয়ালৰটোৰ খবৰ লয় ৷

লগতে চাওক-ৰাজ্যত হালাল কৰা মাংসৰ বিক্ৰী বন্ধ কৰাৰ দাবী সত্যৰঞ্জন বৰাৰ

ABOUT THE AUTHOR

...view details