অসম

assam

ETV Bharat / state

নলবাৰীত ৭৩ কোটি টকাৰ চেক বিলালে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে - chandramohan patowary

নলবাৰী জিলাৰ বনগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত মহিলাৰ এখন বিশাল সভা অনুষ্ঠিত হয় ৷ সভাত অসম ৰাজ্যিক গ্ৰামীণ অভিযানৰ উদ্যোগত আত্মসহায়ক গোটৰ মাজত বেংকৰ ঋণ প্ৰদান কৰা হয় ৷

নলবাৰীত গ্ৰামীণ জীৱিকা অভিযানৰ সভাত ৭৩ কোটি টকাৰ চেক বিতৰণ
নলবাৰীত গ্ৰামীণ জীৱিকা অভিযানৰ সভাত ৭৩ কোটি টকাৰ চেক বিতৰণ

By

Published : Dec 20, 2020, 6:20 PM IST

নলবাৰী, 20 ডিচেম্বৰ :নলবাৰীত অসম ৰাজ্যিক গ্ৰামীণ অভিযানৰ উদ্যোগত আত্মসহায়ক গোটৰ মাজত বেংকৰ ঋণ প্ৰদানৰ বাবে দেওবাৰে নলবাৰী জিলাৰ বনগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত মহিলাৰ এখন বিশাল সভা অনুষ্ঠিত হয় ৷ অনুষ্ঠানত দুৰ্যোগ প্ৰশমন পুঁজি আৰু সামূহিক বিনিময় পুঁজিৰ চেক আনুষ্ঠানিকভাৱে প্ৰদান কৰে ৰাজ্যৰ উদ্যোগ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে ৷

নলবাৰীত গ্ৰামীণ জীৱিকা অভিযানৰ সভাত ৭৩ কোটি টকাৰ চেক বিতৰণ

১৭২৩ টা আত্মসহায়ক গোটক 1 লাখ, 5 লাখ আৰু 10 লাখ টকাৰ চেক আৰু ২১ টা গ্ৰাম্য সংগঠনক 1 লাখ 50 হাজাৰ টকাকৈ ঋণ প্ৰদান কৰা হয় সভাখনত ৷ দেওবাৰে অনুষ্ঠিত সভাখনত মুঠ ৭৩ কোটি ১০ লাখ ৫০ হাজাৰ টকাৰ চেক প্ৰদান কৰা হয় ৷ অনুষ্ঠানত নলবাৰী জিলা পৰিষদৰ সভাপতি নিতুল ডেকা, উপায়ুক্ত পূৰবী কোঁৱৰ, গ্ৰাম্য জীৱিকা মিছন অভিযানৰ সঞ্চালিকা কৃষ্ণা বৰুৱা, পঞ্চায়ত সভাপতি পবিত্ৰ ডেকাকে ধৰি বহু কেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে ৷

লগতে পঢ়ক:মৰাণত কংগ্ৰেছৰ স্থিতি মজবুত বুলি দৃঢ়তাৰে ক’লে জিলা সম্পাদক বিজিত সন্দিকৈয়ে

ABOUT THE AUTHOR

...view details