নলবাৰী, 10 অক্টোবৰ:সমাগত অসম বিধানসভাৰ নিৰ্বাচন ৷ নিৰ্বাচন ওচৰ চপাৰ সমান্তৰালকৈ ৰাজ্যত ঢৌ উঠিছে আধাৰশিলা স্থাপনৰ ৷ প্ৰতিটো ৰাজনৈতিক দলৰ প্ৰতিনিধিয়ে নিজ নিজ সমষ্টিত নিৰ্বাচনী আচৰণবিধি ঘোষণাৰ পূৰ্বে স্থাপন কৰিছে বহুকেইটা আধাৰশিলা ৷ নলবাৰীতো দেখা নগ’ল ব্যতিক্ৰম দৃশ্য ৷ নিৰ্বাচনৰ প্ৰাকক্ষণত নলবাৰীৰ ধৰ্মপুৰলৈ সঘন আহ-যাহ অব্যাহত ৰাখিছে ৰাজ্য চৰকাৰৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে ৷ ন ন আঁচনিৰে ভোটাৰৰ লগতে সাধাৰণ ৰাইজক আকৰ্ষিত কৰিবলৈ কোনো ক্ৰটি এৰা নাই মন্ত্ৰী পাটোৱাৰীয়ে ৷ শনিবাৰৰ দিনটোত জিলাখনৰ ধৰ্মপুৰ সমষ্টিত উপস্থিত হৈ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে জাগ্ৰা অঞ্চলৰ কেইবাটাও পথ আৰু মন্দিৰৰ আধাৰশিলা স্থাপন কৰি নিৰ্বাচনী প্ৰচাৰ চলায় ৷
আধাৰশিলা স্থাপনত ব্যস্ত মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী - চন্দ্ৰমোহন পাটোৱাৰী
নিৰ্বাচনৰ প্ৰাকক্ষণত নলবাৰীৰ ধৰ্মপুৰলৈ সঘন আহ-যাহ অব্যাহত ৰাখিছে ৰাজ্য চৰকাৰৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে ৷ ন ন আঁচনিৰে ভোটাৰৰ লগতে সাধাৰণ ৰাইজক আকৰ্ষিত কৰিবলৈ কোনো ক্ৰটি এৰা নাই মন্ত্ৰী পাটোৱাৰীয়ে ৷ শনিবাৰৰ দিনটোত জিলাখনৰ ধৰ্মপুৰ সমষ্টিত উপস্থিত হৈ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে জাগ্ৰা অঞ্চলৰ কেইবাটাও পথ আৰু মন্দিৰৰ আধাৰশিলা স্থাপন কৰি নিৰ্বাচনী প্ৰচাৰ চলায় ৷
চন্দ্ৰমোহন পাটোৱাৰীৰ নিৰ্বাচনী চমক
তদুপৰি বিগত সময়ছোৱাত কংগ্ৰেছ চৰকাৰৰ দিনত কোনোধৰণৰ উন্নয়ন নোহোৱাৰ কথা দোহাৰে মন্ত্ৰীগৰাকীয়ে ৷ প্ৰাক্তন কংগ্ৰেছী মন্ত্ৰী নীলমণি সেন ডেকাক কটাক্ষ কৰি মন্ত্ৰীগৰাকীয়ে বিগত 15 বছৰে ডেকাই মন্ত্ৰীত্বৰ বাব চম্ভালাৰ নামত জনসাধাৰণক ঠগোৱা বুলি অভিযোগ উত্থাপন কৰে ৷
লগতে চাওকঃঅক্ষয় টেলি কমিউনিকেচনত চিআইডিৰ হাতোৰা