অসম

assam

ETV Bharat / state

নলবাৰীত ‘এ ডিভিজন’ ফুটবল লীগ

চামতা ক্ৰীড়া সংঘ চেম্পিয়ন

By

Published : Aug 3, 2019, 7:12 PM IST

নলবাৰীত ‘এ ডিভিজন’ ফুটবল লীগ

নলবাৰী,3 আগষ্টঃ নলবাৰী ক্ৰীড়া সন্থাৰ চলিত বৰ্ষৰ ভেলুৰাম বৰ্মন সোঁৱৰণী এ ডিভিজন ফুটবল লীগৰ শনিবাৰে চূড়ান্ত খেলত চামতা আঞ্চলিক ক্ৰীড়া সংঘই নবাৰুণ ক্লাৱক 1 গলত পৰাজিত কৰি চেম্পিয়নৰ খিতাপ অৰ্জন কৰে ৷ খেলৰ 50 মিনিটত হেড কৰি চন্দন বৰ্মনে নিৰ্ণায়ক গলটো দিয়ে ৷ খেল উদ্বোধন কৰে জিলাৰ আৰক্ষী অধীক্ষক অমনজিৎ কৌৰ আৰু বঁটা বিতৰণ কৰে ক্ৰীড়া সংগঠক মফিজউদ্দিন আহমেদ, গফ্ফৰ উজ জামান,হৰিশ গোস্বামীয়ে ৷ চূড়ান্ত খেলৰ শ্ৰেষ্ঠ খেলুৱৈৰ বঁটা লাভ কৰে চামতাৰ কমল বৰ্মনে ৷ ইপিনে 18 আগষ্টৰ পৰা বি ডিভিজন ফুটবল লীগ অনুষ্ঠিত হ’ব বুলি এন এছ এ ৰ সম্পাদক মনোজ কুমাৰ চৌধুৰীয়ে জানিবলৈ দিয়ে ৷

ABOUT THE AUTHOR

...view details