নলবাৰী, ২৭ জুলাই :এটি সফল আৰু পৰিপূৰ্ণ জীৱন অতিবাহিত কৰি হেঁপাহৰ এশটা বসন্ত অতিক্ৰম কৰা এক দূৰন্ত তৰুণৰ নাম হ’ল ৰমণীমোহন শৰ্মা (Prominent academician Ramanimohan Sharma) ৷ বিশিষ্ট শিক্ষাবিদ তথা সমাজকৰ্মীজনে আজি বীৰদৰ্পে কেক কাটি শততম জন্মদিৱস উদযাপন কৰে ৷ নিজ হাতে এটি গছপুলি ৰোপণেৰে তেওঁ আজিৰ মহত্ত্বপূৰ্ণ দিনটোৰ স্মৃতি কাললৈ যুগমীয়া কৰি ৰাখে (100th birth anniversary of Ramanimohan Sharma) ৷
উল্লেখ্য যে, নলবাৰী জিলাৰ ঐতিহ্যমণ্ডিত বনগাঁও ভাগৱতীপাৰা নিৱাসী তথা নলবাৰী ছোৱালী হাইস্কুলৰ অৱসৰপ্ৰাপ্ত হিন্দী শিক্ষক শতবৰ্ষ গৰকা ৰমণীমোহন শৰ্মা বৃহত্তৰ পশ্চিম নলবাৰী অঞ্চলৰ এগৰাকী আদৰ্শ পুৰুষ(Social worker of Nalbari Ramanimohan Sharma) ৷ তেওঁ এগৰাকী শিক্ষাবিদ তথা সমাজকৰ্মী হিচাপেই নহয় এগৰাকী সফল পিতৃ হিচাপেও এক কীৰ্তিস্তম্ভ ক্ষোদিত কৰিবলৈ সক্ষম হৈছে ৷
তেওঁৰ তিনিগৰাকী পুত্ৰ আৰু দুগৰাকী কন্যাক উপযুক্তভাৱে প্ৰতিপালন কৰি আটাইকেইগৰাকীকে সু-প্ৰতিষ্ঠিত কৰিছে ৷ বৰপুত্ৰ ডাঃ নিৰ্মলেন্দু ভাগৱতীয়ে প্ৰায় ৪০ বছৰ পূৰ্বে বনগাঁও হাইস্কুলৰপৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত স্থান লাভ কৰাই নহয় বৰ্তমান এগৰাকী নামজ্বলা চিকিৎসক হিচাপে প্ৰতিষ্ঠিত ৷ দ্বিতীয় পুত্ৰ বিমলেন্দু ভাগৱতী এগৰাকী অৱসৰপ্ৰাপ্ত উচ্চ পদস্থ চৰকাৰী বিষয়া ৷ কনিষ্ঠ পুত্ৰ কমলেন্দু ভাগৱতী ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰ্যালয়ৰ এগৰাকী উচ্চ পদস্থ বিষয়া ৷