নলবাৰী, 15 ফেব্ৰুৱাৰী :নলবাৰীত বাজিল পৌৰ নিৰ্বাচনৰ ৰণশিঙা (Municipal Election 2022) । আগন্তুক পৌৰ নিৰ্বাচনক লৈ নলবাৰীত তৎপৰ হৈ পৰিছে বিজেপি নেতৃত্বাধীন মিত্ৰজোঁট । নলবাৰীৰ ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী হৰিমন্দিৰত সেৱা লৈ বিজেপি-নেতৃত্বাধীন মিত্ৰজোঁটৰ প্ৰাৰ্থীসকলে সমৰ্থক তথা দলীয় কৰ্মীয়ে বাহিৰ কৰা বিশাল সমদলেৰে পৰিৱেষ্টিত হৈ আহি দাখিল কৰিলে মনোনয়ন (Candidates file nomination for municipal polls) ।
সোতৰটা পৌৰসভাৰ বাবে অনুষ্ঠিত হ'ব লগা এই নিৰ্বাচনত বিজেপি দলৰ পৰা প্ৰাৰ্থীত্ব লাভ কৰিছে পোন্ধৰ জনে আৰু অগপৰ পৰা দুজনে লাভ কৰিছে প্ৰাৰ্থীত্ব । এই নিৰ্বাচনত মুঠ ৩৭,১১৯ গৰাকী ভোটাৰে নিৰ্ণয় কৰিব প্ৰাৰ্থীসকলৰ ভাগ্য । প্ৰাৰ্থীসকলক সংগ দিয়ে মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব তথা বিধায়ক জয়ন্তমল্ল বৰুৱা আৰু সাংসদ দিলীপ শইকীয়াই ।
বিধায়ক জয়ন্তমল্ল বৰুৱাই নলবাৰী পৌৰসভাৰ সোতৰটা ৱাৰ্ডতে বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ প্ৰাৰ্থীয়েই বিজয় সাব্যস্ত কৰিব বুলিও মন্তব্য কৰে ৷