নলবাৰী, 30 ডিচেম্বৰঃনাগৰিকত্ব সংশোধনী আইন বিৰোধিতাৰে টিহুৰ পৰা আৰম্ভ আছুৰ বাইক ৰেলী । প্ৰায় দুই শতাধিক ৰাইজৰ অংশগ্ৰহণেৰে সোমবাৰে টিহু, বৰমা, মাখিবাহা, নতুন দেহৰকে ধৰি ৬ খন আঞ্চলিক ছাত্ৰ সন্থাৰ অন্তৰ্গত গাৱে-ভূঞে আছু কৰ্মী সকলে নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতাৰে বাইক ৰেলী বাহিৰ কৰে ৷ ৰেলীৰ সমান্তৰালকৈ প্ৰতিটো ৰাজহুৱা স্থানতে পথ সভা কৰি ৰাইজক সজাগ কৰাৰ চেষ্টা চলাই ।
টিহুৰ পৰা আৰম্ভ আছুৰ বাইক ৰেলী ইয়াৰ লগতে নলবাৰীত কৃষক মুক্তি সংগ্ৰাম সমিতিয়েও প্ৰতিবাদ সাব্যস্ত কৰে ৷ নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলনত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা কৃষক নেতা অখিল গগৈ সহ আন আন প্ৰতিবাদকাৰীত বিনা চৰ্তে মুক্তিৰ দাবীত নলবাৰী জিলা সমিতিয়ে সাব্যস্ত কৰে এই প্ৰতিবাদ । চহৰখনৰ ভূপেন হাজৰিকা শিশু উদ্যানৰ সন্মুখত অৱস্থান ধৰ্মঘট কাৰ্যসূচীৰ মাধ্যমেৰে সাব্যস্ত কৰে প্ৰতিবাদ ।
নলবাৰীত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদ গোলাঘাট, 30 ডিচেম্বৰঃ গোলাঘাটত চাহ শ্ৰমিক মুক্তি সংগ্ৰাম সমিতিৰ বৃহৎ প্ৰতিবাদ । চাহ শ্ৰমিক মুক্তি সংগ্ৰাম সমিতিয়ে নাগৰিকত্ব সংশোধনী আইন বাতিলৰ লগতে চাহ বাগিচাৰ লাইন কোৱাৰ্টাৰ সহ মাটিৰ পট্টা প্ৰদান, শ্ৰমিকৰ দৈনিক মজুৰি 350 টকালৈ বৃদ্ধি কৰা, জনজাতিকৰণ কৰা, শ্ৰমিক আইন সংশোধন কৰা আৰু মাইক্ৰফাইনেঞ্চ কোম্পানীসমূহ বন্ধ কৰাৰ দাবীত গোলাঘাট উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত সাব্যস্ত কৰে প্ৰতিবাদ ।
গোলাঘাটত চাহ শ্ৰমিক মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদ নগাঁও, 30 ডিচেম্বৰঃ নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে নগাঁৱত প্ৰতিবাদ সাব্যস্ত কৰে সদৌ অসম সাংবাদিক সন্থাৰ নগাঁও জিলা সমিতিয়ে । নগাঁও জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত সোমবাৰে দুঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে সাংবাদিক সন্থাই । অৱস্থান ধৰ্মঘট কাৰ্যসূচীত নগাঁও জিলা সাহিত্য সভা, ছাত্ৰ সন্থা, কৃষক মুক্তি সংগ্ৰাম সমিতি, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নগাঁও জিলা সমিতিকে ধৰি বহুকেইটা সংগঠনৰ নেতাই অংশগ্ৰহণ কৰি নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবী উত্থাপন কৰে ।
নগাঁৱত সদৌ অসম সাংবাদিক সন্থাৰ প্ৰতিবাদ আৰু পঢ়কঃ হস্তী মানৱৰ এখন ভয়ানক যুঁজ !