অসম

assam

ETV Bharat / state

খিলঞ্জীয়াৰ গণ হুংকাৰে কঁপালে নলবাৰীৰ বাকৰিঃ প্ৰতিবাদত অংশগ্ৰহণ জুবিন গাৰ্গৰ - CAA

অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ নলবাৰী জিলাৰ উদ্যোগত আয়োজিত নাগৰিকত্ব সংশোধনী আইন বিৰোধী প্ৰতিবাদত অংশগ্ৰহণ কৰে অসমৰ শিল্পী সমাজে ৷ উল্লেখ্য যে, অসমৰ নবীন-প্ৰবীণ শিল্পীসকলৰ লগতে কাৰ্যসূচীত উপস্থিত থাকে জুবিন গাৰ্গ, গৰিমা গাৰ্গ, বাবু, অজয় ফুকন, নেকিব আদি শিল্পীসকল ৷

প্ৰতিবাদ শিল্পী সমাজৰ
নলবাৰীত চি এ এ বিৰোধী প্ৰতিবাদ

By

Published : Dec 29, 2019, 8:21 PM IST

নলবাৰী,29 ডিচেম্বৰঃদেওবাৰৰ দিনটোতখিলঞ্জীয়াৰ গণ হুংকাৰে কঁপালে নলবাৰী মহাবিদ্যালয় খেলপথাৰৰ বাকৰি ৷ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ নলবাৰী জিলাৰ উদ্যোগত আয়োজিত এই প্ৰতিবাদত অংশগ্ৰহণ কৰে অসমৰ শিল্পী সমাজে ৷ উল্লেখ্য যে,অসমৰ নবীন-প্ৰবীণ শিল্পীসকলৰ লগতে কাৰ্যসূচীত উপস্থিত থাকে জুবিন গাৰ্গ, গৰিমা গাৰ্গ, বাবু, অজয় ফুকন, নেকিব আদি শিল্পীসকল ৷

সংগীতৰ মাধ্যমেৰে প্ৰতিবাদ জুবিনৰ

প্ৰতিবাদস্থলীৰ পৰা জুবিন গাৰ্গে সংগীতৰ মাধ্যমেৰে নাগৰিকত্ব সংশোধনী আইন বিৰোধী প্ৰতিবাদ সাব্যস্ত কৰে ৷ শিল্পীগৰাকীয়ে ভাষণ প্ৰদান কৰি চৰকাৰক ক্ষুৰধাৰ সমালোচনা কৰে ৷ নাগৰিকত্ব সংশোধনী আইন সম্পৰ্কত উচ্চতম ন্যায়ালয়ে শুনানি গ্ৰহণ কৰিব অহা ২২ তাৰিখে ৷ শুনানিৰ পিছত বিপ্লৱ তীব্রতৰ হোৱাৰ আশংকা কৰি ৰাইজক সজাগ থাকিবলৈ আহ্বান জনাইছে শিল্পী গাৰ্গে ৷ আনহাতে, প্ৰতিবাদত উপস্থিত থকা সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সম্পাদক লুৰিণজ্যোতি গগৈয়ে সমালোচনাৰে থকা সৰকা কৰে শাসকীয় পক্ষক‌ ।

সমালোচনাৰে চৰকাৰক থকা সৰকা লুৰিণৰ

উক্ত প্ৰতিবাদত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সম্পাদক পলাশ চাংমাইয়ো উপস্থিত থাকে । স্থানীয় জনতাৰ লগতে বিভিন্ন দল-সংগঠনে অংশ লয় এই প্ৰতিবাদত ৷

লগতে চাওকঃআটলাণ্টাত বিমান দুৰ্ঘটনা: নিহত 5 জন

ABOUT THE AUTHOR

...view details