অসম

assam

ৰাজ্যজুৰি আছুৰ নেতৃত্বত জোঁৰ সমদল

By

Published : Jan 11, 2020, 11:08 PM IST

শনিবাৰে সদৌ অসম ছাত্ৰ সন্থাৰ উদ্যোগত ৰাজ্যজুৰি জোঁৰ সমদল বাহিৰ কৰা হয় ৷ নাগৰিকত্ব সংশোধনী আইন দেশত বলৱৎ হোৱাৰ পিছৰে পৰা ৰাজ্যজুৰি অধিক তীব্ৰতৰ হৈ পৰিছে প্ৰতিবাদ ৷ আছুৰ এই প্ৰতিবাদত অংশ ল'লে হাজাৰ হাজাৰ লোকে ৷

প্ৰতিবাদ
প্ৰতিবাদমুখৰ ৰাজ্য

নিউজ ডেস্ক,11 জানুৱাৰীঃ নাগৰিকত্ব সংশোধনী আইন দেশত বলৱৎ হোৱাৰ পিছতেই প্ৰতিবাদমুখৰ হৈ পৰিছে সমগ্ৰ ৰাজ্য ৷ শনিবাৰে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে কাকপথাৰত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, গৃহমন্ত্ৰী অমিত শ্বাহ, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিকৃতি দাহ কৰি সাব্যস্ত কৰিলে প্ৰতিবাদ ৷ সংগঠনটোৰ কৰ্মকৰ্তাসকলে কোনো কাৰণতে আইনখন গ্ৰহণ নকৰাৰ লগতে প্ৰতিবাদ তীব্ৰতকৈ তীব্ৰতৰ হোৱাৰ হুংকাৰ দিয়ে ৷ একেই পৰিৱেশ দেখা গ’ল টিংখাং,টীয়ক,গোলাঘাট আৰু যোৰহাটতো ৷

প্ৰতিবাদমুখৰ ৰাজ্য

একেদৰে মৰাণতো আঞ্চলিক ছাত্ৰৰ সন্থাৰ উদ্যোগত জোঁৰ সমদলৰ কাৰ্যসূচী ৰূপায়ণ কৰা হয় ৷ সমান্তৰালকৈ চিৰাঙৰ বিজনী, দক্ষিণ কামৰূপ আৰু পলাশবাৰী, ছয়গাঁও আৰু নগাঁওতো আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত জোঁৰ সমদল বাহিৰ কৰি সাব্যস্ত কৰা হয় প্ৰতিবাদ ৷ আছুক জোঁৰ সমদল কাৰ্যসূচীলৈ ওলাই আহিল শ-শ স্থানীয় ৰাইজে ৷

প্ৰতিবাদত সহযোগ ৰাইজৰ

ইয়াৰোপৰি শনিবাৰৰ দিনটোত ৰাজ্যৰ অন্য প্ৰান্তৰ দৰে তেজপুৰৰ দেখা যায় একেই প্ৰতিচ্ছবি ৷ তেজপুৰৰ লগতে কলিয়াবৰ,তামুলপুৰ,বাইহাটা চাৰিআলি আৰু নলবাৰীতো আছুৰ নেতৃত্বত জোঁৰ সমদল বাহিৰ কৰা হয় ৷ নাগৰিকত্ব সংশোধনী আইনখনে অসমীয়া সাহিত্য-সংস্কৃতিলৈ তীব্ৰ ভাবুকি আনিব বুলি মত প্ৰকাশ কৰে প্ৰতিবাদী জনতাই ৷

আছুৰ নেতৃত্বত জোঁৰ সমদল

লগতে চাওকঃনগাঁৱত চোঁচৰাই নি আটক প্ৰতিবাদকাৰীক

ABOUT THE AUTHOR

...view details