অসম

assam

By

Published : Jul 2, 2022, 11:26 AM IST

ETV Bharat / state

পাৰিবাৰিক কন্দলৰ ভয়ংকৰ ৰূপ: চোকা অস্ত্ৰৰে হানি খুচি আক্ৰমণ ব্যৱসায়ীক

ৰঙিয়াত ভয়ংকৰ ঘটনা ৷ পাৰিবাৰিক বিবাদৰ বাবেই শহুৰৰ ঘৰৰ পৰিয়ালৰ লোকে চোকা অস্ত্ৰৰে হানি খুচি আক্ৰমণ কৰে এজন ব্যৱসায়ীক (Businessman attacked with sharp weapons) ৷

Businessman attacked with sharp weapons
চোকা অস্ত্ৰৰে হানি খুচি আক্ৰমণ ব্যৱসায়ীক

ৰঙিয়া, 2 জুলাই : ৰঙিয়াত পাৰিবাৰিক বিবাদে ললে চূড়ান্ত ৰূপ ৷ ব্যক্তিগত আক্ষেপৰ বাবে শহুৰৰ ঘৰৰ পৰিয়ালৰ লোকে চোকা অস্ত্ৰৰে হানি খুচি আক্ৰমণ কৰে এজন ব্যৱসায়ীক (Businessman attacked with sharp weapon over family dispute) ৷ ৰঙিয়াৰ মৰাণজানত সংঘটিত হৈছে এই ভয়ানক ঘটনা ৷

জানিব পৰামতে, নিশা প্ৰায় 8.30 বজাত ব্যৱসায়ী পামিৰুদ্দিন আহমেদে গুৱাহাটীৰ পৰা জয়ন্তীপুৰৰ নিজ বাসগৃহলৈ উভতি আহি থকাৰ সময়তে আক্ৰমণৰ এই ঘটনাটো সংঘটিত হয় ৷ দুখন বাইকত অহা চাৰিজনীয়া এটা দুৰ্বৃত্তৰ দলে ব্যৱয়াসীজনক আগভেটি ধৰি গাড়ীৰ পৰা নামি আহিবলৈ ভাবুকি দিয়ে ৷ কিন্তু ব্যৱসায়ীজনে গাড়ীৰ পৰা নামি আহিবলৈ অমান্তি হোৱাত দুৰ্বৃত্তৰ দলটোৱে গাড়ীৰ গ্লাছত আক্ৰমণ কৰে ৷ উপায়ন্তৰ হৈ আহমেদ গাড়ীৰ পৰা ওলাই অহাৰ পিছতে দুৰ্বৃত্তৰ দলটোৱে তেওঁক হাতত চোকা অস্ত্ৰৰে হানি খুচি আক্ৰমণ কৰে ৷

চোকা অস্ত্ৰৰে হানি খুচি আক্ৰমণ ব্যৱসায়ীক

ইফালে ব্যৱসায়ীজনে চিঞৰ বাখৰ কৰাত স্থানীয় ৰাইজৰ ৰোষত পৰাৰ পূৰ্বেই দুৰ্বৃত্তৰ দলটোয়ে সেই স্থানৰ পৰা পলায়ন কৰে ৷ ব্যৱসায়ীজনৰ চিঞৰত সেই স্থানত উপস্থিত হোৱা স্থানীয় ৰাইজে ব্যৱসায়ীজনক উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণৰ ব্যৱস্থা কৰাৰ লগতে স্থানীয় আৰক্ষীক ঘটনা সন্দৰ্ভত অৱগত কৰে ৷

আনহাতে আক্ৰমণৰ ঘটনাৰ লগত জড়িত চাৰি দুৰ্বৃত্তৰ মাজৰ দুজন শহুৰেকৰ ঘৰৰ পৰিয়ালৰ সদস্য বুলি ব্যৱসায়ীজনে সংবাদমাধ্যমক জানিবলৈ দিয়ে ৷ চিনাক্ত কৰা আক্ৰমণকাৰী দুজন আলতাব হুছেইন আৰু আতিকুৰ ৰহমান বুলি উল্লেখ কৰিলে ব্যৱসায়ীজনে ৷ শহুৰেকৰ ঘৰৰ পৰিয়ালে ব্যক্তিগত আক্ষেপ পূৰাবৰ বাবেই এই ঘটনা সংঘটিত কৰাৰ অভিযোগ ভুক্তভোগী আহমেদৰ ৷

ইতিমধ্যে ঘটনা সন্দৰ্ভত আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে পামিৰুদ্দিন আহমেদে । এতিয়া আৰক্ষীৰ তদন্ততহে পোহৰলৈ আহিব ঘটনাৰ আঁৰৰ প্ৰকৃত ৰহস্য ৷

লগতে পঢ়ক:কলগাছিয়াত পাৰিবাৰিক বিবাদৰ চূড়ান্ত পৰ্যায় : চিকিৎসাধীন মহিলা

ABOUT THE AUTHOR

...view details