নলবাৰী,9 ফেব্ৰুৱাৰীঃ নলবাৰীৰ খুদীয়াস্থিত তান্ত্ৰিক ৰাজীৱ গোস্বামীৰ দ্বাৰা পৰিচালিত মা মহাকালী আশ্ৰমৰ চণ্ডীযজ্ঞত দেওবাৰে অংশ লয় বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে ৷ আগন্তুক বিটিচি নিৰ্বাচন শান্তিপূৰ্ণভাৱে অনুষ্ঠিত হোৱাৰ বাবে মা কালীৰ ওচৰত প্ৰাৰ্থনা জনায় ৰাজনৈতিক নেতাগৰাকীয়ে ৷
নলবাৰীত চণ্ডীযজ্ঞত অংশগ্ৰহণ বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীৰ
নলবাৰীৰ খুদীয়াস্থিত তান্ত্ৰিক ৰাজীৱ গোস্বামীৰ দ্বাৰা পৰিচালিত মা মহাকালী আশ্ৰমৰ চণ্ডীযজ্ঞত দেওবাৰে অংশ লয় বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে ৷ আগন্তুক বিটিচি নিৰ্বাচন শান্তিপূৰ্ণভাৱে অনুষ্ঠিত হোৱাৰ বাবে মা কালীৰ ওচৰত প্ৰাৰ্থনা জনায় ৰাজনৈতিক নেতাগৰাকীয়ে ৷
মহাকালী আশ্ৰমত বিটিচি প্ৰধান
সকলোৰে মংগল কামনা কৰি মহিলাৰীয়ে কয় যে,এবছুই পূৰ্বতে যথেষ্ট আসনৰ দাবী কৰাৰ ফলস্বৰূপে শান্তি চুক্তি স্বাক্ষৰিত হোৱাত বাধাৰ সৃষ্টি হৈছিল ৷ কিন্ত সম্প্ৰতি এবছুই বিচাৰিলে মিত্ৰতা কৰাৰ পক্ষপাতী বুলি বিটিচি প্ৰধানজনে প্ৰকাশ কৰে ৷ তদুপৰি পৰৱৰ্তী নিৰ্বাচনত বিজেপিক বি টি এ ডি-ৰ কেইবাখনো আসন এৰি দিয়া হ’ব বুলি ঘোষণা কৰে হাগ্ৰামা মহিলাৰীয়ে ৷
লগতে চাওকঃমাঘী পূৰ্ণিমা উপলক্ষে গোৱালপাৰাত উপস্থিত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল