অসম

assam

ETV Bharat / state

পৰিত্যক্ত অৱস্থাত পৰি ৰৈছে কুৰিহামাৰীৰ কাঠৰ দলং - Nalbari District Administration

বৰক্ষেত্ৰীৰ কুৰিহামাৰীৰ এখন পৰিতক্ত কাঠৰ দলং ৷ যিখন দলঙে জীয়াতু ভুগাইছে অঞ্চলসবাসী ৰাইজে ৷ কিন্তু বাৰম্বাৰ বিভাগীয় কতৃপক্ষক দলংখন মেৰামতি অনুৰোধ জনাইছিল গাঁওবাসীয়ে ৷ কিন্তু এই ক্ষেত্ৰত বিভাগীয় কৰ্তৃপক্ষৰই কোনো কাণষাৰ নিদিয়াৰ এক গুৰুত্বৰ অভিযোগ উত্থাপন কৰিছে অঞ্চলবাসী ৰাইজে ৷

broken bridge at barkshetr
পৰিতক্ত অৱস্থাত পৰি ৰৈছে কুৰিহামাৰীৰ কাঠৰ দলং

By

Published : Jul 9, 2021, 6:41 AM IST

নলবাৰী, 9 জুলাই: এখন বিশেষ কাঠৰ দলং ৷ যিখন দলঙে জীয়াতু ভোগাইছে এটা অঞ্চলৰ ৰাইজক ৷ এই বিশেষ দলংখন আছে নলবাৰী জিলাৰ বৰক্ষেত্ৰীৰ চৰ-অঞ্চলৰ কুৰিহামাৰীত ৷

বৰ্তমানেও অঞ্চলটোৰ কেইবাখনো গাঁৱৰ ৰাইজে ভগ্ন দলঙখনেৰে বিপদসংকুলভাৱে যাতায়ত কৰি আছে ৷ যাৰ বাবে যিকোনো মূহুৰ্তত ঘটিব পাৰে অঘটন ৷ তথাপিও কাণসাৰ নাই বিভাগীয় কৰ্তৃপক্ষ তথা জনপ্ৰতিনিধিৰ ।

এই গুৰুতৰ অভিযোগ উত্থাপন কৰিছে বৰক্ষেত্ৰীৰ কুৰিহামাৰীবাসী ৰাইজে ৷

পৰিতক্ত অৱস্থাত পৰি ৰৈছে কুৰিহামাৰীৰ কাঠৰ দলং

উল্লেখ্য যে, এই ভগ্ন দলংখনেৰে পাৰা হওঁতে বিভিন্ন সময়ত বহু দুৰ্ঘটনাও সংঘটিত হৈছে ৷ এই কাঠৰ দলংখন মেৰামতি কৰি দিবলৈ বিভাগীয় কতৃপক্ষক বাৰম্বাৰ অনুৰোধ কৰিছিল অঞ্চলবাসীয়ে ৷ কিন্তু ইমানৰ পাচতো কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ তুলিছে গাঁওবাসীয়ে ৷

ইফালে বিধায়ক দিগন্ত বৰ্মন (MLA Diganta Barman)ক অঞ্চলটোৰ ৰাইজৰ এই সমস্যাৰ বিষয়ে অৱগত কৰাৰ পাচতো বৰ্তমানলৈকে কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ নকৰাৰ অভিযোগ তুলিছে ৰাইজে । আনকি বিধায়ক হোৱাৰ পাচৰ পৰা এবাৰো এই গাঁওখনত উপস্থিত হোৱা নাই দিগন্ত বৰ্মন (MLA Diganta Barman) ৷ যাৰ ফলত এতিয়া খৰ্গগ্ৰস্ত হৈ পৰিছে গাঁওবাসী ৷

আনকি এই ভগ্ন কাঠৰ দলংখনৰ ফলত যিকোনো মূহুৰ্ততে সংঘটিত হ’ব পৰা এক ভয়াৱহ বিপদৰ শংকাত চিন্তিত হৈ পৰিছে এতিয়া অঞ্চলবাসী ৷ সেয়ে কুৰিহামাৰী বৰচুলিয়া আঞ্চলিক আমছুৰ লগতে স্থানীয় ৰাইজে বিধায়ক দিগন্ত বৰ্মন(MLA Diganta Barman)ৰ লগতে নলবাৰী জিলা প্ৰশাসন(Nalbari District Administration)ক অতি শীঘ্ৰে দলংখন মেৰামতি কৰি দিবলৈ দাবী উত্থাপন কৰিছে ।

লগতে পঢ়ক:জুলাইত দেশে লাভ কৰিব 12 কোটিৰো অধিক ক'ভিড প্ৰতিষেধক

ABOUT THE AUTHOR

...view details