নলবাৰী, ২৬ এপ্ৰিল: খৰালি বাঁহৰ সাঁকো আৰু বাৰিষা তুলুঙা নাও যাতায়তৰ মাধ্যম নলবাৰীৰ এটা অঞ্চলৰ ৷ দ্ৰুত উন্নয়নৰ শ্ল’গান দিয়া চৰকাৰৰ দিনত এখন দলঙৰ বাবে জীয়াতু ভুগিছে ৰাইজে ৷ আজিও সম্পূৰ্ণ নহ’ল 2017 চনতে আধাৰশিলা স্থাপন হোৱা নলবাৰী জিলাৰ বৰক্ষেত্ৰী সমষ্টিৰ পাগলদিয়া নদীৰ দামাল ঘাটৰ দলং (Incomplete Bridge Construction in Nalbari) ৷
নলবাৰী জিলাৰ বৰক্ষেত্ৰী সমষ্টিৰ অন্তৰ্গত বৰভাগৰ মৰোৱা-কমলপুৰহৈ গুৱহাটীলৈ যোৱা এটা অতি গুৰুত্বপূৰ্ণ পথৰ লগতে দলঙৰ নিৰ্মাণ সুদীৰ্ঘ সাত বছৰে সম্পূৰ্ণ ন’হল ৷ উল্লেখযোগ্য যে পাগলদিয়া নদীৰ দামাল ঘাটত ৰাইজৰ সুবিধাৰৰ্থে দীৰ্ঘদিনীয়া দাবী আছিল এখন পকী দলং নিৰ্মাণ কৰি যাতায়াত ব্যৱস্থা সুচল কৰা ৷ কিন্তু স্বাধীনতাৰ ৭৫ বছৰ পিচতো এই অঞ্চলৰ প্ৰায় ৫৪ খন গাঁৱৰ ৰাইজে খৰালি বাঁহৰ সাঁকো আৰু বাৰিষা তুলুঙা নাৱেৰে নদী পাৰ হ’ব লগা হয় (Bridge Construction in Nalbari) ৷
শেহতীয়াকৈ ৰাইজৰ দাবীত এই পাৰঘাটত এখন পকী দলং নিৰ্মাণৰ ব্যবস্থা কৰা হয় ৷ ২০১৭ চনৰ ২১ মাৰ্চত পাগলাদিয়া নদীৰ এই দামাল ঘাটত তেতিয়াৰ অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে পকী দলংখনৰ লগতে মৰোৱা-কমলপুৰ পথচোৱাৰ ১০.৬২ কিলোমিটাৰ উন্নীতকৰণ আৰু পকীকৰণৰ বাবে আধাৰশিলা স্থাপন কৰিছিল ৷ কিন্তু পৰিতাপৰ কথা এয়ে যে 2017 চনতে আধাৰশিলা স্থাপন হোৱা দলং আৰু পথ আজি সাত বছৰে সম্পূৰ্ণ হৈ নুঠিল ৷