অসম

assam

By

Published : Apr 24, 2023, 12:19 PM IST

ETV Bharat / state

Incomplete Bridge Construction: পাঁচ বছৰেও নিৰ্মাণ সম্পূৰ্ণ নোহোৱা নলবাৰীৰ এখন দলং; ক্ষোভিত ৰাইজ

নলবাৰী জিলাৰ বৰভাগ ৰাজহ চক্ৰৰ অন্তৰ্গত বৰগাছাত বিগত পাঁচ বছৰেও সম্পূৰ্ণ নহ'ল এখন দলং ৷ অসম্পূৰ্ণ দলঙে জীয়াতু ভোগাইছে অঞ্চলবাসীক ৷ যাতায়ত সুচলৰ স্বাৰ্থত দলংখনৰ সোনকালে নিৰ্মাণ সম্পূৰ্ণ কৰিবলৈ দাবী জনাইছে ৰাইজে (Bridge Construction in Nalbari) ৷

Incomplete Bridge Construction in Nalbari
দলং নিৰ্মাণৰ নামত পাঁচ বছৰে কেৱল প্ৰৱঞ্চনা

বাঁহৰ জৰাজীৰ্ণ দলঙেই যাতায়তৰ ভৰসা বৰগাছাবাসীৰ

নলবাৰী, 24 এপ্ৰিল: বিগত পাঁচটা বছৰেও নিৰ্মাণ সম্পূৰ্ণ ন'হল এখন দলং ৷ ফলত মৰণত শৰণ দি বাঁহৰ জৰাজীৰ্ণ দলঙেৰেই যাতায়ত কৰিবলগীয়া হৈছে অঞ্চলবাসীয়ে ৷ পাঁচ বছৰে দলঙখনৰ এটা খুটাও নিৰ্মাণ কৰিব নোৱাৰাত ক্ষোভিত হৈ পৰিছে ৰাইজ (Incomplete Bridge Construction in Nalbari) ৷

উন্নয়নৰ ফটাঢোল কোবোৱা চৰকাৰৰ দিনত নলবাৰী জিলাৰ বৰভাগ ৰাজহ চক্ৰৰ অন্তৰ্গত বৰগাছাত বিগত পাঁচ বছৰেও সম্পূৰ্ণ নহ'ল এখন দলং ৷ অসম্পূৰ্ণ দলঙে জীয়াতু ভোগাইছে অঞ্চলবাসীক ৷ বৰলীয়া নৈৰ ওপৰত আজিৰে পৰা পাঁচ বছৰ পূৰ্বে প্ৰাক্তন বিধায়ক নাৰায়ণ ডেকাই আধাৰশিলা স্থাপন কৰা দলংখনৰ সত্যজিৎ হালৈ নামৰ এগৰাকী ঠিকাদাৰে লাভ কৰিছিল নিবিদা ৷ কিন্ত বিগত পাঁচ বছৰে দলঙখনৰ এটা খুঁটাও নিৰ্মাণ কৰিব নোৱাৰাত চৰকাৰ , বিভাগীয়া কৰ্তৃপক্ষকে ধৰি ঠিকাদাৰৰ বিৰুদ্ধে ক্ষোভিত হৈ পৰিছে বৃহত্তৰ বৰগাছাকে ধৰি কেইবাখনো গাঁৱৰ ৰাইজ (Bridge Construction in Nalbari) ।

দলঙখনেৰে কামৰূপৰ হাজো-নলবাৰী সংযোগ কৰি দুখনকৈ জিলাৰ একমাত্ৰ যাতায়তৰ স্থল হিচাবে পৰিগণিত ৷ কিন্তু পৰিতাপৰ বিষয় এয়াই যে এবাৰ দুবাৰকৈ তিনাবাৰলৈ কাঠৰ দলঙৰ পৰা পকী দলঙলৈ উন্নীত কৰি আধাৰশিলা স্থাপন হোৱা এইখন বৰগাছাস্থিত বৰলীয়াৰ দলঙখনৰ নিবিদা লাভ কৰা ঠিকাদাৰ সত্যজিৎ হালৈয়ে আজিলৈ এটা খুঁটাও নিৰ্মাণ কৰি উলিয়াব নোৱাৰিলে ৷ যাৰ ফলত নিতৌ মৰণত শৰণ দি বাঁহৰ এখন জৰাজীৰ্ণ দলঙেৰে পাৰ হয় দুয়োখন জিলাৰ ৰাইজে ৷

উল্লেখযোগ্য যে , বৰলীয়া নৈৰ ওপৰেৰে এইখন দলঙৰ বিপৰীতে যাতায়তৰ বাবে সজা বাঁহৰ দলঙখনত কিছুদিন পূৰ্ৱে এজন লোকে দুৰ্ঘটনাগ্ৰস্ত হৈ অকাল মৃত্যুক আকোঁৱালি লৈছিল ৷ সমান্তৰলভাৱে দলঙখনেৰে অহা-যোৱা কৰা বহু লোকে আজিও ঘূণীয়া হৈ পংগুত্বৰ জীৱন কটাই থকাৰ অভিযোগ কৰিছে স্থানীয় লোকে ৷ যাৰ পৰিপ্ৰেক্ষিতত স্থানীয় ৰাইজে অতিষ্ঠ হৈ এই বিষয়ে বৰভাগ চক্ৰ বিষয়াক লিখিতভাৱে অৱগত কৰিছিল ৷ কিন্তু ইয়াৰ একো সুফল এতিয়ালৈ নাপালে ৰাইজে ৷

কেৱল ইমানেই নহয় হাজো সমষ্টিৰ পৰা বৰভাগলৈ , বৰভাগৰ পৰা হাজোলৈ পঢ়িব যোৱা বহু শিক্ষাৰ্থীয়ে দলঙখনৰ নিৰ্মাণ সম্পূৰ্ণ নোহোৱাৰ বাবে ৫/৬ কি:মি: অধিক দূৰত্বৰ বাহাৰঘাটেৰে যাতায়ত কৰিব লগীয়া হৈছে ৷ স্থানীয় লোকসকলে বিভাগীয় কৰ্তৃপক্ষক বাৰম্বাৰ আবেদন-নিবেদন কৰি অহাৰ পিচতো যাতায়তৰ ক্ষেত্ৰত আজিকোপতি কোনো ধৰণৰ সুফল নোপোৱাত ক্ষোভিত হৈ পৰিছে অঞ্চলটোৰ ৰাইজ ৷ স্থানীয় ৰাইজে মুখ্যমন্ত্ৰীক ইয়াৰ ওপৰত এক চোকা দৃষ্টি ৰাখি অতি সোনকালে দুয়োখন জিলাৰ যাতায়ত সুচলৰ স্বাৰ্থত দলংখন সোনকালে নিৰ্মাণ সম্পূৰ্ণ কৰিবলৈ দাবী জনাইছে ৷

লগতে পঢ়ক: Bhatheli Festival: নলবাৰীৰ আৰিকুছিৰ ঐতিহাসিক ভঠেলি উৎসৱ আৰম্ভ

ABOUT THE AUTHOR

...view details