নলবাৰী , ২৪ ডিচেম্বৰ :নলবাৰী আঞ্চলিক ছাত্ৰ সন্থাৰ কাৰ্যালয়ত বৃহস্পতিবাৰে উন্মোচন কৰা হয় দুখনকৈ গ্ৰন্থ । প্ৰাক্তন ছাত্ৰ নেতা তথা বিজনী মহাবিদ্যালয়ৰ প্ৰয়াত প্ৰবক্তা ড৹ প্ৰণৱ ভাগৱতীৰ দ্বাৰা ৰচিত গ্ৰন্থ দুখন হ'ল গৱেষণামুলক গ্ৰন্থ "নদীকেন্দ্ৰিক অসমীয়া উপন্যাস" আৰু কবিতা পুথি "মোৰ কবিতা" ।
গ্ৰন্থ দুখন উন্মোচন কৰে নলবাৰী ৰত্ন তথা বিশিষ্ট শিক্ষাবিদ সমালোচক ডঃ বসন্ত কুমাৰ ভট্টাচাৰ্য আৰু সদৌ অসম ছাত্ৰ সন্থাৰ শিক্ষা সম্পাদক ভৱজিত বেজবৰুৱাই । প্ৰয়াত ড৹ প্ৰণৱ ভাগৱতীৰ ৪৩ সংখ্যক জন্মদিন উপলক্ষে গ্ৰন্থ দুখন উন্মোচন কৰা হয় ।