নলবাৰী , ৩১ জানুৱাৰী :নলবাৰীত পুনৰ এটি চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে ৷ নিশা গছত ওলমি থকা অৱস্থাত উদ্ধাৰ হয় এজন 16 বছৰীয়া কিশোৰৰ মৃতদেহ (Body of teenage boy found hanging)৷ কিশোৰ গৰাকীৰ নাম ৰাহুল আলী বুলি জানিবলৈ পোৱা গৈছে ৷ নলবাৰীৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিৰ এডাল গছত চিপ লৈ ওলমি থকা অৱস্থাত কিশোৰজনক প্ৰত্যক্ষ কৰে স্থানীয় ৰাইজে ৷ ইয়াৰ পিচতে অঞ্চলজুৰি সৃষ্টি হয় তীব্ৰ চাঞ্চল্যৰ ৷
পেছাত এগৰাকী ই-ৰিক্সাচালক বুলি জানিবলৈ পোৱা গৈছে কিশোৰজনক ৷ নলবাৰী চহৰৰ জ্যোতিকুছিত ভাড়াতীয়া হিচাপে বাস কৰি আহিছিল ৰাহুল আলীয়ে ৷ পিতৃহাৰা ১৬ বছৰীয়া কিশোৰজনে মাতৃৰ সৈতে নলবাৰী চহৰৰ জ্যোতিকুছিত ই ৰিক্সা চলাই কোনোৰকমে জীৱন নিৰ্বাহ কৰি আহিছিল । ৰাহুলৰ মৃতদেহ গছত ওলমি থকা অৱস্থাত উদ্ধাৰ হোৱাৰ খবৰ বিয়পি পৰাৰ পিচত পৰিয়াল আৰু আত্মীয়ৰ মাজত এক অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হয় । প্ৰকৃততে এয়া আত্মহত্যা নে অন্য কিবা ঘটনা, তাক লৈ অঞ্চলজুৰি বৰ্তমানেও অব্যাহত আছে চাঞ্চল্য । পৰৱৰ্তী সময়ত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি ঘটনা সন্দৰ্ভত আৰম্ভ কৰিছে তদন্ত । উল্লেখ্য যে, ঘটনাস্থলীৰ সমীপতে আৰক্ষীয়ে উদ্ধাৰ কৰিছে ৰাহুল আলীৰ ই-ৰিক্সাখন ৷
উল্লেখ্য যে, সোমবাৰে আন এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে ৰাজ্যৰ অন্যতম এখন অগ্ৰণী জিলা নলবাৰীত ৷ জিলাখনৰ বৰক্ষেত্ৰীৰ বৰনৰ্দ্দী গাঁৱত সংঘটিত হৈছিল উক্ত ঘটনাটো ৷ সোমবাৰে বিয়লি একেখন গাঁৱৰে এজন টেম্পুচালকে আন এজন টেম্পুচালকক উপৰ্যুপৰি দাৰে ঘপিয়াই হত্যা কৰাৰ খবৰে সংবাদ মাধ্যমত লাভ কৰিছিল বিশেষ চৰ্চা ৷