অসম

assam

টিহুত উদ্ধাৰ অৰ্ধগলিত নৱজাতকৰ মৃতদেহ

By

Published : Jun 23, 2022, 9:55 PM IST

নলবাৰীৰ টিহুত হৃদয় বিদাৰক ঘটনা । টিহুৰ দহকাউনীয়াৰ শচীন বৰ্মনৰ ঘৰৰ পাছফালে থকা এটা পুখুৰীত উদ্ধাৰ হয় এটা নৱজাতকৰ মৃতদেহ ৷ ঘটনাক কেন্দ্ৰ কৰি অঞ্চলজুৰি তীব্ৰ চাঞ্চল্য ৷

Body of newborn baby recovered at Tihu
টিহুত উদ্ধাৰ অৰ্ধগলিত নৱজাতকৰ মৃতদেহ

নলবাৰী, 23 জুন :হায় মানৱতা ! নলবাৰীত পোহৰলৈ আহিছে জীৱশ্ৰেষ্ঠ মানৱৰ নিকৃষ্ট মানসিকতাৰ প্ৰতিফলন ৷ বৃহস্পতিবাৰে নলবাৰী জিলাৰ টিহু ৰাজহ চক্ৰৰ অন্তৰ্গত দহকাউনীয়াৰ শচীন বৰ্মন নামৰ লোকজনৰ ঘৰৰ পাছফালে থকা এটা পুখুৰীত উদ্ধাৰ হয় এটা নৱজাতকৰ মৃতদেহ (Body of newborn baby recovered at Tihu) ৷

স্থানীয় লোকে উল্লেখ কৰা অনুসৰি, বৃহস্পতিবাৰে পুৱাৰ ভাগত দহকাউনীয়াৰ শচীন বৰ্মন নামৰ লোকজনৰ বাৰীৰ পিছফালে থকা এটা পুখুৰীত ওপঙি থকা অৱস্থাত উদ্ধাৰ কৰা হয় অৰ্ধগলিত নৱজাতকৰ মৃতদেহটো । তাৰ পাচতে খবৰ দিয়া হয় টিহু আৰক্ষীক ৷ খবৰ পোৱাৰ মাত্ৰে ঘটনাস্থলীত উপস্থিত হয় টিহু আৰক্ষীৰ এটা দল ৷

টিহুত উদ্ধাৰ অৰ্ধগলিত নৱজাতকৰ মৃতদেহ

তাৰ পাচত আৰক্ষীৰ দলটোৱে উদ্ধাৰ কৰে নৱজাতকটিৰ মৃতদেহ (Police recovered dead body of newborn baby) ৷

আৰক্ষী আৰু স্থানীয় লোকৰ সন্দেহ, কোনো লোকে নিজৰ কু-কৰ্ম লুকুৱাবলৈ নৱজাতকটি পেলাই দিছিল পুখুৰীলৈ ৷ এনে মানসিকতাৰ লোকক আটক কৰি কঠোৰ শাস্তি প্ৰদান কৰিব লাগে বুলি দাবী কৰিছে অঞ্চলটোৰ ৰাইজে ৷

লগতে পঢ়ক :ঘগ্ৰাপাৰৰ পুখুৰীত উদ্ধাৰ নৱজাতকৰ মৃতদেহ

ABOUT THE AUTHOR

...view details