নলবাৰী, ১৮ আগষ্ট:আধুনিকতাৰ ধামখুমীয়া তথা যান্ত্ৰিকতাৰ পয়োভৰত সমাজ জীৱনৰ পৰা ক্ৰমান্বয়ে হেৰাই যোৱাৰ উপক্ৰম হৈছে গ্ৰামাঞ্চলৰ পৰাম্পৰাগত নাও খেল । তথ্য় অনুসৰি অতীতৰে পৰা যিবোৰ খেল অসমত প্ৰচলিত হৈ আহিছে তাৰ ভিতৰত অন্যতম নাও খেল ৷ পানীৰ সৈতে জড়িত খেলসমুহ অতিপুৰণি বুলি ক'ব পাৰি ৷ অৱশ্য়ে আধুনিকতাৰ ধামখুমীয়া তথা যান্ত্ৰিকতাৰ পয়োভৰত সমাজ জীৱনৰ পৰা ক্ৰমান্বয়ে হেৰাই যোৱাৰ উপক্ৰম হৈছে গ্ৰামাঞ্চলৰ পৰাম্পৰাগত নাও খেল । হেৰাই যাবলৈ ধৰা এই পৰম্পৰাগত নাও খেলক ধৰি ৰখাৰ প্ৰয়াস কৰা হৈছে নলবাৰী জিলাত(Boat game competition at Loharkatha in Nalbari)।
জিলাখনৰ মুকালমুৱাৰ 2 নং লোহাৰকাঠাত অনুষ্ঠিত হয় অসম ভিত্তিত নাও খেল প্ৰতিযোগিতা । দীপজ্যোতি সংঘ আৰু পুথিভৰালৰ সৌজন্যত বুধবাৰে অসম ভিত্তিত অনুষ্ঠিত ১০সংখ্যক নাও খেল প্ৰতিযোগিতাখন শুভ উদ্বোধন কৰে গুৱাহাটী মহানগৰ উন্নয়ণ প্ৰাধিকৰণৰ(GMDA) অধ্যক্ষ নাৰায়ণ ডেকাই।