অসম

assam

ETV Bharat / state

নলবাৰীত হিন্দু জাগৰণ মঞ্চ অসমৰ উদ্যোগত ৰক্তদান শিবিৰ - Covid

সোমবাৰে বিশ্বজুৰি পালন কৰা হৈছে ৰক্তদাতা দিৱস । ৰাজ্যৰ ভিন্ন প্ৰান্তৰ সমান্তৰালকৈ নলবাৰীতো বিশ্ব ৰক্তদাতা দিৱস(World Blood Donor Day) পালন কৰা হয় । বিশ্ব ৰক্তদাতা দিৱস উপলক্ষে নলবাৰী(NALBARI)ত হিন্দু জাগৰণ মঞ্চ অসমৰ উদ্যোগত ৰক্তদান শিবিৰৰ আয়োজন ।

Blood donation camp organised at Nalbari
নলবাৰীত হিন্দু জাগৰণ মঞ্চ অসমৰ উদ্যোগত ৰক্তদান শিবিৰ

By

Published : Jun 14, 2021, 4:50 PM IST

Updated : Jun 15, 2021, 9:28 AM IST

নলবাৰী, ১৪ জুন: বিশ্ব ৰক্তদাতা দিৱস(World Blood Donor Day) উপলক্ষে হিন্দু জাগৰণ মঞ্চ অসমে ৰাজ্যজুৰি 'ৰক্তধাৰা' শীৰ্ষক কাৰ্যসূচী অনুষ্ঠিত কৰে । সোমবাৰে নলবাৰী জিলাত সংস্থাটোৰ নলবাৰী জিলা সমিতিৰ উদ্যোগত ৰক্তদান শিবিৰৰ আয়োজন কৰা হয় ।

সেৱা ভাৰতীৰ সহযোগিতাত সম্পূৰ্ণভাৱে ক'ভিড(Covid) নিয়ম পালন কৰি এই শিবিৰ অনুষ্ঠিত কৰা হয় । অসমৰ বিভিন্ন প্ৰান্তৰ লগতে হিন্দু জাগৰণ মঞ্চ নলবাৰী জিলা সমিতিয়ে ঘগ্ৰাপাৰ হৰিমন্দিৰ প্ৰাংগনত ৰক্তদান শিবিৰ(Blood donation Camp)ৰ আয়োজন কৰে । পুৱা ৯ পৰা আৰম্ভ আৰম্ভ হয় এই ৰক্তদান শিবিৰ ।

নলবাৰীত হিন্দু জাগৰণ মঞ্চ অসমৰ উদ্যোগত ৰক্তদান শিবিৰ

এই অনুষ্ঠানত উপস্থিত থাকি সহযোগিতা আগবঢ়ায় নলবাৰীৰ শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়ৰ চিকিৎসক খনিন্দ্ৰ মোহন সাউদ, ড০ উৎপল দাস, নেশ্যনেল মেডিক'জ অৰ্গেনাইজেছনৰ ছাত্ৰৰ লগতে নলবাৰী জিলাৰ হিন্দু জাগৰণ মঞ্চৰ সভাপতি উৎপল কলিতা, সাধাৰণ সম্পাদক ভক্ত ছেত্ৰীৰ লগতে সম্পাদক মানস প্ৰতিম । এই বৰ্ষৰ বিশ্ব ৰক্তদাতা দিৱসৰ থীম(World Blood Donor Day's theme) হৈছে 'তেজ দিয়া, পৃথিৱীক স্পন্দিত কৰি ৰাখা' ।

লগতে পঢ়ক:অৰুণাচলত ব্ৰাউন চুগাৰসহ প্ৰাক্তন আলফা সদস্য গ্ৰেপ্তাৰ

Last Updated : Jun 15, 2021, 9:28 AM IST

ABOUT THE AUTHOR

...view details