নলবাৰী, ৮জুনঃ শুকুৰবাৰে নলবাৰীৰ ঘগ্ৰাপাৰত হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত কৃতিত্বৰে উত্তীৰ্ণ হোৱা মেধাৱী শিক্ষাৰ্থীক সম্বৰ্ধনা আৰু বৃত্তি প্ৰদান কৰে বি.কে ফাউণ্ডেচনে ৷
নলবাৰীত মেধাৱী শিক্ষাৰ্থীক আৰ্থিক অনুদান - আৰ্থিক সাহায্য
অনুষ্ঠানত মুঠ ২৫ গৰাকী দুখীয়া তথা মেধাৱী শিক্ষাৰ্থীক গামোচা ,মানপত্ৰ আৰু নগদ দহ হাজাৰ টকাকৈ প্ৰদান কৰে । বি কে ফাউণ্ডেচনৰ উদ্যোক্তা উদ্যোগপতি ভাগ্য কলিতা,শিক্ষাবিদ যোগেন্দ্ৰ কলিতা, ঘগ্ৰাপাৰ হাইস্কুলৰ প্ৰধান শিক্ষক বিভুসেন ডেকাকে ধৰি বিশিষ্ট ব্যক্তি উপস্থিত থাকে ৷
বি.কে ফাউণ্ডেচনৰ প্ৰয়াত ভৰত কলিতা সোঁৱৰণী বৃত্তি প্ৰদান আৰু সম্বৰ্ধনা অনুষ্ঠানটো সভাপতিত্ব কৰে অল ইণ্ডিয়া অডিট ফেডাৰেচনৰ প্ৰাক্তন সভাপতি তাইজুদিন আহমেদে । বি কে ফাউণ্ডেচনৰ সঞ্চালিকা গীতিকা কলিতাই আদৰণি ভাষণ প্ৰদান কৰে সভাখনত । অনুষ্ঠানত মুঠ ২৫ গৰাকী দুখীয়া তথা মেধাৱী শিক্ষাৰ্থীক গামোচা ,মানপত্ৰ আৰু নগদ দহ হাজাৰ টকাকৈ প্ৰদান কৰে । বি কে ফাউণ্ডেচনৰ উদ্যোক্তা উদ্যোগপতি ভাগ্য কলিতা,শিক্ষাবিদ যোগেন্দ্ৰ কলিতা, ঘগ্ৰাপাৰ হাইস্কুলৰ প্ৰধান শিক্ষক বিভুসেন ডেকাকে ধৰি বিশিষ্ট ব্যক্তি উপস্থিত থাকে ৷
লগতে আন এটা বাতৰি- দুৰ্বৃত্তৰ হাতত নিৰ্যাতিত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰী