নলবাৰী,30 মে':শনিবাৰে ভাৰতীয় জনতাৰ পাৰ্টীৰ নলবাৰী জিলা কিষাণ মৰ্চাৰ উদ্যোগত শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়ত এক ৰক্তদান শিবিৰ স্থাপন কৰি অসামৰিক চিকিৎসালয়খনৰ ব্লাড বেংকত প্ৰায় 20 গৰাকীতকৈ অধিক সদস্যই ৰক্তদান কৰে ৷ ভাৰতীয় জনতা পাৰ্টী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰ দ্বিতীয়টো কাৰ্যকালৰ দ্বি-বাৰ্ষিক বৰ্ষপূৰ্তি উপলক্ষে "সেৱাই সংগঠন" শীৰ্ষক কাৰ্যসূচীৰ দ্বাৰা নলবাৰী জিলা কিষাণ মৰ্চাই এই ৰক্তদান কাৰ্যসূচী অনুষ্ঠিত কৰে ৷ এই কাৰ্যসূচীত নলবাৰী জিলা আৰু মণ্ডলৰ তৰফৰ পৰা সদস্যসকলে ৰক্তদান কৰে ।
নলবাৰীত বিজেপিৰ কিষাণ মৰ্চাৰ ৰক্তদান শিবিৰ অনুষ্ঠিত
শনিবাৰে নলবাৰীৰ শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়ত ভাৰতীয় জনতাৰ পাৰ্টীৰ কিষাণ মৰ্চাৰ উদ্যোগত এক ৰক্তদান শিবিৰ অনুষ্ঠিত কৰা হয় ৷ এই শিবিৰৰ যোগেদি চিকিৎসালয়খনৰ ব্লাড বেংকত প্ৰায় 20 গৰাকীতকৈ অধিক সদস্যই ৰক্তদান কৰে ৷
নলবাৰীত বিজেপিৰ কিষাণ মৰ্চাৰ ৰক্তদান শিবিৰ অনুষ্ঠিত
ৰক্তদানৰ পাচত নলবাৰী কিষাণ মৰ্চাৰ বিষয়ববীয়াসকলে ক'ভিড মহামাৰীৰ দ্বিতীয় ঢৌৰ সন্ত্ৰাসৰ সময়ত নলবাৰীৰ কোনো ৰোগীয়ে যাতে ৰক্তৰ অভাৱত চিকিৎসাৰ পৰা বঞ্চিত হ'বলগীয়া নহয়, তাৰ প্ৰতি লক্ষ্য ৰাখি এই পদক্ষেপ গ্ৰহণ কৰিছে বুলি মন্তব্য কৰে । এই ৰক্তদান শিবিৰত ভাৰতীয় জনতাৰ পাৰ্টীৰ কিষাণ মৰ্চাৰ সভাপতি ৰেখান্ত দাস, উপ-সভাপতি যোগেশ ভৰালী, সম্পাদক কমল পাঠক, টাউন মণ্ডলৰ সভাপতি বেদান্ত কলিতা প্ৰমুখ্যে জিলা কমিটিৰ কাৰ্যকৰ্তাসকল উপস্থিত থাকে ।