নলবাৰী, 26মাৰ্চ:আসন্ন বিধানসভা নিৰ্বাচনক লৈ এতিয়া চলি আছে দলত্যাগৰ ধুমুহা । নিৰ্বাচনৰ প্ৰাক মূহুৰ্তত বৃহস্পতিবাৰে ধৰ্মপুৰ সমষ্টিৰ বহু কেইগৰাকী কংগ্ৰেছৰ শীৰ্ষ নেতাই ঢাপলি মেলিছে বিজেপিলৈ ৷
ইপিনে কঁকালত টঙালি বান্ধি প্ৰতিটো ৰাজনৈতিক দল নামি পৰিছে নিৰ্বাচনী যুঁজত । ৰাজপাট দখলৰ বাবে সমষ্টিয়ে সমষ্টিয়ে চলিছে ব্যাপক নিৰ্বাচনী যুঁজ । ব্যতিক্ৰম নহয় ৬১ নং ধৰ্মপুৰ বিধান সভা সমষ্টিয়ো । সমষ্টিটো পুনৰ দখলৰ বাবে বিধায়ক তথা কেবিনেট মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে দলীয় কৰ্মী-সমৰ্থকক লগত লৈ চলাইছে ব্যাপক নিৰ্বাচনী প্ৰচাৰ ।
উল্লেখ্য যে, ধৰ্মপূৰ সমষ্টিত শাসকীয় দল বিজেপিৰ পৰা মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে প্ৰাৰ্থিত্ব লাভ কৰাৰ বিপৰীতে বিৰোধী কংগ্ৰেছৰ পৰা টিকট লাভ কৰিছে ৰাতুল পাটোৱাৰীয়ে । ৰাতুল পাটোৱাৰীয়ে টিকট পোৱাৰ পিছতে একাংশ কংগ্ৰেছ কৰ্মী এতিয়া ক্ষুন্ন হৈ পৰিছে । মূলতঃ টিকটৰ পৰা বঞ্চিত হোৱা প্ৰাক্তন মন্ত্ৰী নীলমণি সেন ডেকাৰ একাংশ সমৰ্থক এতিয়া যাত্ৰা কৰিছে বিজেপিলৈ । শৰণাপন্ন হৈছে মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীৰ ওচৰত । ইয়াৰেই বহিঃপ্ৰকাশ ঘটিল বৃহস্পতিবাৰে ।