অসম

assam

ETV Bharat / state

বিজেপি নেতাৰ আক্ৰমণৰ বলি আছুকৰ্মী - ইটিভি অসম

ঘগ্ৰাপাৰ থানাত অভিযুক্তৰ বিৰুদ্ধে এজাহাৰ দাখিল।

etv bharat

By

Published : Feb 11, 2019, 10:13 AM IST

নলবাৰী, ১১ ফেব্ৰুৱাৰী : নলবাৰীত পুনৰ আছু কৰ্মীক প্ৰহাৰ বিজেপি নেতাৰ। অভিযোগ অনুসৰি দেওবাৰে নলবাৰী বৰাজোল চ’কত বৰাজোল আঞ্চলিক ছাত্ৰ সন্থাৰ ক্ৰীড়া সম্পাদক কংকন কলিতাক আক্ৰমণ কৰে একাংশ বিজেপি কৰ্মীয়ে।

nalbari aasu
ছাত্ৰ নেতাগৰাকীক প্ৰহাৰৰ অভিযোগত বিজেপি কৰ্মী ৰূপেন বৰ্মন, ৰাতুল দাস আৰু গকুল দাসৰ বিৰুদ্ধে ঘগ্ৰাপাৰ আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে আছুৱে। উল্লেখ্য যে নলবাৰীত নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত আন্দোলন কৰি থকা অৱস্থাত ইয়াৰ পূৰ্বেও বিজেপি কৰ্মীয়ে প্ৰহাৰ কৰিছিল আছু নেতাক। এই সমগ্ৰ ঘটনাৰ পাচত বিজেপিৰ বিৰুদ্ধে প্ৰতিবাদমুখৰ হৈ পৰিছে আছুকৰ্মীসকল।

ABOUT THE AUTHOR

...view details