নলবাৰী, 28 ফেব্ৰুৱাৰী :নলবাৰীৰ বৰভাগত দেওবাৰে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈৰ বাহনত কোনো লোকে শিলাবৰ্ষণ কৰে ৷ এজেপিৰ সভাপতিগৰাকীৰ লগতে এজেপিৰ সমৰ্থকৰ বাহনতো শিলাবৰ্ষণ কৰে একাংশ লোকে ৷ একাংশ বিজেপি সমৰ্থকে এই আক্ৰমণ কৰাৰ অভিযোগ উত্থাপন হৈছে ৷
নলবাৰীৰ এজেপিৰ সভাপতি লুৰিণজ্যোতিৰ বাহনত শিলাবৰ্ষণ - BJP worker attack on lurin car
লুৰিণ জ্যোতিয়ে নলবাৰীৰ আল্লিয়াৰ সোনকুৰিহাৰ সভা সামৰি বাঁহজানীৰ সভাত অংশ ল’বলৈ যোৱাৰ সময়তে লুৰিণজ্যোতি সহ সমৰ্থকসকলে গৈ থকাৰ সময়তে গেৰুৱা বাহিনীৰ একাংশ সমৰ্থকে বাহন আগুচি আক্ৰমণ কৰে ৷
এজেপিৰ সভাপতি লুৰিণ জ্যোতিৰ নলবাৰী গমনে কঁপনি তুলিছে গেৰুৱা বাহিনীত৷ যাৰবাবে আজি লুৰিণ জ্যোতিয়ে নলবাৰীৰ আল্লিয়াৰ সোনকুৰিহাৰ সভা সামৰি বাঁহজানীৰ সভাত অংশ ল’বলৈ যোৱাৰ সময়তে লুৰিণজ্যোতিসহ সমৰ্থকসকলৰ বাহন একাংশ গেৰুৱা বাহিনীৰ সমৰ্থকে আগুচি আক্ৰমণ কৰে ৷ গেৰুৱা বাহিনীৰ সমৰ্থকৰ এই আক্ৰমণত কথমপি ৰক্ষা পৰে এজেপিৰ সভাপতি লুৰিণজ্যোতিৰ লগতে এজেপিৰ সমৰ্থকসকল ৷ অসম জাতীয় পৰিষদৰ মুখ্য উপদেষ্টা বসন্ত ডেকাই বৰ্তমান ঘটনাৰ সন্দৰ্ভত আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তৰ ওচৰত অভিযোগ দাখিল কৰিছে ।