নলবাৰী, ১৪ এপ্ৰিল:নলবাৰী জিলাৰ মুকালমুৱা আৰক্ষীয়ে চৰকাৰী ধন শৰাধ কৰাৰ অভিযোগত এগৰাকী বিজেপি কৰ্মীক গ্ৰেপ্তাৰ কৰিছে (Allegation of money embezzlement against BJP worker) ৷ বৰক্ষেত্ৰী উন্নয়ন খণ্ডৰ অধীনষ্ঠ কান্ধবাৰী-দাগাপাৰা গাঁও পঞ্চায়তৰ কেইবাটাও গুৰুত্বপূৰ্ণ অনুষ্ঠানৰ বাবে ২০২০-২১ বৰ্ষত এম জি এনৰেগা আঁচনিৰ অধীনত আৱন্টন হৈছিল লাখ লাখ টকা ৷
আনকি একাংশ দুৰ্নীতিগ্ৰস্ত লোকে পঞ্চায়তখনৰ অধীনত ভুৱা অনুষ্ঠান-প্ৰতিষ্ঠান দেখুৱাই বৰক্ষেত্ৰী উন্নয়ন খণ্ডৰ একাংশ দুৰ্নীতিগ্ৰস্ত চৰকাৰী বিষয়া-কৰ্মচাৰীৰ সহযোগত MGNREGA আঁচনিৰ জড়িয়তে লাখ লাখ টকা আৱন্টন কৰাৰ অভিযোগ উঠিছে ৷ পঞ্চায়তখনৰ অধীনস্ত ২নং কান্ধবাৰী (চাকলা) গাঁৱত আঁচনিৰ নিম্নমানৰ কাম কৰিয়ে আঁচনিৰ ধন আত্মসাৎ আৰু ভুৱা অনুষ্ঠানৰ নামত চৰকাৰী ধন ভুৱা জৱকাৰ্ডৰে লুণ্ঠন চলোৱাৰ অভিযোগত গাঁওখনৰ একাংশ সমাজ সচেতন লোকে মুকালমুৱা থানাত কেইবাখনো এজাহাৰ দাখিল কৰে ৷
সেই মৰ্মে মুকালমুৱা থানাত ভাৰতীয় দণ্ড বিধি আইনৰ ৪২০/৪০৯/ ৫০৬ /২৯৪/ ৩৪ ধাৰাৰ অধীনত কেইবাটাও গোচৰ ৰুজু হয় ৷ আৰক্ষীয়ে গোচৰ সমূহৰ তদন্ত কৰি ৮৮৪/২১ নম্বৰ গোচৰৰ ভিত্তিত আৰক্ষীয়ে কালি বিজেপি কৰ্মী দিলোৱাৰ হুছেইনক গ্ৰেপ্তাৰ কৰে ৷