পাটশালা,14 মাৰ্চ:নিৰ্বাচনৰ প্ৰাকক্ষণত বিজেপিত মোক্ষম আঘাত কৰে ৰাজ্যিক মুখপাত্ৰ ফণী পাঠকে ৷ পাটাছাৰকুছি বিধানসভা সমষ্টিৰ বিজেপিৰ টিকট প্ৰত্যাশী ফণী পাঠকে দেওবাৰে পদত্যাগ কৰিছে ভাৰতীয় জনতা পাৰ্টীৰ পৰা ৷
উল্লেখ্য যে, 2011 চনত বিজেপিত অংশগ্ৰহণ কৰিছিল সদ্য পদত্যাগী নেতা ফণী পাঠকে ৷ পৰৱৰ্তী পৰ্যায়ত বজালী জিলা বিজেপিৰ নেতৃত্ব লৈ জিলা সভাপতি পদত অধিষ্ঠিত হৈছিল পাঠক । পৰৱৰ্তী সময়ত ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল ফণী পাঠকে ৷