নলবাৰী, ১৭ জুলাই: ৫ টা মুছলমান জনগোষ্ঠীক খিলঞ্জীয়া অসমীয়া মুছলমানৰ স্বীকৃতি (5 communities in Assam recognised as Indigenous Muslims) দিয়াত আনন্দিত হৈ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জ্ঞাপন কৰাৰ উদ্দেশ্যে দেওবাৰে কুৰিহাৰ পৰা বামুনবড়ীলৈ বাইক ৰেলীৰ আয়োজন কৰা হয় ৷ বৰক্ষেত্ৰী বিজেপি সংখ্যালঘু মৰ্চাৰ উদ্যোগত বিজেপিয়ে এই বাইক ৰেলীৰ আয়োজন কৰে (BJP Minority Morsa organizes bike rally) ।
উল্লেখ্য যে, বিগত কেবাবছৰ ধৰি জনজাতিকৰণৰ বাবে দাবী কৰি প্ৰতিবাদ সাব্যস্ত কৰি আহিছিল এই জনগোষ্ঠীকেইটাই ৷ মাত্ৰ কিছুদিন পূৰ্বে বিজেপি নেতৃত্বাধীন ৰাজ্য চৰকাৰখনে গৰীয়া, মৰিয়া, জোলহা, দেশী আৰু চৈয়দকে ধৰি ৫ টা জনগোষ্ঠীক খিলঞ্জীয়া অসমীয়া মুছলমানৰ স্বীকৃতি দিছিল ৷