অসম

assam

ভাৰতবৰ্ষত ২৫ বছৰলৈ নাহে কংগ্ৰেছৰ চৰকাৰঃ চন্দ্ৰ মোহন পাটোৱাৰী

By

Published : Aug 19, 2019, 12:22 PM IST

নলবাৰীত পূৰ্ণ গতিত অব্যাহত আছে বিজেপিৰ সদস্য ভৰ্তি অভিযান ৷ অসমৰ উন্নয়নৰ স্বাৰ্থত সকলোৱে যোগদান কৰক ভাৰতীয় জনতা পাৰ্টিতঃ মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰী

BJP membership mission nalbari

উত্তৰ পূৰ্বাঞ্চলকে ধৰি সমগ্ৰ ভাৰতবৰ্ষত ২৫ বছৰলৈ নাহে কংগ্ৰেছৰ চৰকাৰঃ মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰী

নলবাৰী, 19 আগষ্টঃ " ভাৰতবৰ্ষত আৰু 25 বছৰলৈ কংগ্ৰেছ চৰকাৰ আহিব নোৱাৰে তাৰ গেৰান্টি আছে " ৷ দেওবাৰে নলবাৰী জিলাৰ চামতাত অনুষ্ঠিত হোৱা বিজেপিৰ সদস্য ভৰ্তি অভিযানত উপস্থিত থাকি এই মন্তব্য কৰে ধৰ্মপুৰ সমষ্টিৰ বিধায়ক তথা অসম চৰকাৰৰ পৰিবহণ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে ৷ ইয়াৰোপৰি অসমৰ উন্নয়নৰ স্বাৰ্থত সকলোকে ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিবলৈ আহ্বান জনাই মন্ত্ৰী গৰাকীয়ে ৷ বিজেপিৰ সদস্য ভৰ্তিৰ এই অভিযানত মন্ত্ৰী পাটোৱাৰীৰ লগতে কেইবাগৰাকীও বিজেপি নেতা উপস্থিত থাকে ৷ উল্লেখযোগ্য যে, এই সদস্য ভৰ্তি অভিযানত বহু সংখ্যক কংগ্ৰেছ কৰ্মীয়ে বিজেপিত যোগদান কৰে ৷

ABOUT THE AUTHOR

...view details