নলবাৰী, 30 জুলাই: অৰ্থৰ অভাৱত চিকিৎসাৰ পৰা বঞ্চিত নলবাৰীৰ বৰকুৰিহাৰ নিৱাসী প্ৰদীপ শৰ্মা । গাড়ী চলাই কোনোমতে জীৱন নিৰ্বাহ কৰি আছিল এইগৰাকী দুৰ্ভগীয়া লোকজনে । কিন্তু আজিৰ পৰা আঢ়ৈ বছৰ পূৰ্বে এক পথ দুৰ্ঘটনাত তেওঁ দুয়োখন ভৰি গুৰুতৰ ভাৱে আঘাতপ্ৰাপ্ত হয়।
জিএমচিত ডেৰ বছৰ ধৰি চিকিৎসা গ্ৰহণৰ অন্তত সোঁ ভৰিখন সুস্থ হৈ উঠে যদিও বাঁও ভৰিখনত ঘাঁহ হৈ সংক্ৰমণ হোৱাত সমস্যাত পৰিছে প্ৰদীপ শৰ্মা। কিন্তু অৰ্থৰ অভাৱত কৰাব পৰা নাই উচিত চিকিৎসা।