অসম

assam

By

Published : Jan 28, 2021, 7:15 AM IST

ETV Bharat / state

ধৰ্মপুৰত চন্দ্ৰ মোহন পাটোৱাৰীৰ উপস্থিতিত বিজেপিত যোগদান কাৰ্যসূচী

বৃহত্তৰ পূৱ নতুন দেহৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত প্ৰায় দুই শতাধিক কংগ্ৰেছ কৰ্মীয়ে ধৰ্মপুৰ সমষ্টিৰ স্থানীয় বিধায়ক তথা কেবিনেট মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ উপস্থিতিত বিজেপিত আনুষ্ঠানিকভাৱে ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰে ।

ধৰ্মপুৰত চন্দ্ৰ মোহন পাটোৱাৰীৰ উপস্থিতিত বিজেপিত যোগদান কাৰ্যসূচী
ধৰ্মপুৰত চন্দ্ৰ মোহন পাটোৱাৰীৰ উপস্থিতিত বিজেপিত যোগদান কাৰ্যসূচী

নলবাৰী,28 জানুৱাৰীঃ বুধবাৰে ধৰ্মপুৰ সমষ্টিৰ মধুপুৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত ৩৯ নং পূৱ নতুন দেহৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত কাছিমপুৰ বজাৰ গৃহত বিজেপিৰ এখন সাংগঠনিক সভাৰ লগতে যোগদান কাৰ্যসূচী অনুষ্ঠিত হয় । উল্লেখযোগ্য যে,বৃহত্তৰ পূৱ নতুন দেহৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত প্ৰায় দুই শতাধিক কংগ্ৰেছ কৰ্মীয়ে ধৰ্মপুৰ সমষ্টিৰ স্থানীয় বিধায়ক তথা কেবিনেট মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ উপস্থিতিত বিজেপিত আনুষ্ঠানিকভাৱে ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰে ।

ধৰ্মপুৰত চন্দ্ৰ মোহন পাটোৱাৰীৰ উপস্থিতিত বিজেপিত যোগদান কাৰ্যসূচী

ইপিনে সাংগঠনিক সভাৰ পূৰ্বে ৩৯ নং পূৱ নতুন দেহৰ গাঁও পঞ্চায়তৰ চতুৰ্দশ বিত্তীয় আয়োগৰ সাৰ্হাযত নিৰ্মিত সভাগৃহ এটাৰো মন্ত্ৰী পাটোৱাৰীয়ে আনুষ্ঠানিকভাৱে শুভ-উদ্বোধন কৰে । বিজেপিৰ সাংগঠনিক সভা আৰু যোগদান কাৰ্যসূচীত উপস্থিত থাকে নতুন দেহৰ জিলা পৰিষদৰ সদস্য ভাস্কৰ শৰ্মা, মধুপুৰ মণ্ডল বিজেপিৰ সভাপতি হিৰণ্য বৰ্মন,মধুপুৰ উন্নয়ণ খণ্ডৰ খণ্ড উন্নয়ণ বিষয়া মনোজ কুমাৰ বৰ্মন,বিজেপি নেতা নগেন তালুকদাৰৰ লগতে বিজেপিৰ দলীয় কৰ্মকৰ্তাসকল ।

লগতে পঢ়কঃ শিৱসাগৰত স্বয়ম আঁচনি শুভাৰম্ভ কৰিলে ড৹ হিমন্ত বিশ্ব শৰ্মাই

ABOUT THE AUTHOR

...view details