অসম

assam

By

Published : Oct 20, 2019, 7:43 PM IST

ETV Bharat / state

ৰাজ্যজুৰি বিজেপিৰ গান্ধী সংকল্প যাত্ৰা

মহামানৱ মহাত্মা গান্ধীৰ ১৫০ বছৰীয়া জন্ম জয়ন্তী উপলক্ষে বিজেপিৰ গান্ধী সংকল্প যাত্ৰা ৷

ৰাজ্যজুৰি বিজেপিৰ গান্ধী সংকল্প যাত্ৰা


নলবাৰী,20 অক্টোবৰ: মঙলদৈ লোকসভা সমষ্টিৰ উদ্যোগত ৫৯ নং নলবাৰী বিধানসভা সমষ্টিৰ সহযোগত গান্ধী সংকল্প যাত্ৰা । মহামানৱ মহাত্মা গান্ধীৰ ১৫০ বছৰীয়া জন্ম জয়ন্তী উপলক্ষে দেশজুৰি উদযাপন কৰি থকা গান্ধী সংকল্প যাত্ৰা নলবাৰীৰ সাগৰকুছি- খাতিকুছি চকৰ দুৰ্গা মন্দিৰৰ সভাগৃহৰ পৰা উলিওৱা হয় । গান্ধী সংকল্প যাত্ৰাত মঙ্গলদৈ লোকসভা সমষ্টিৰ সাংসদ দিলীপ শইকীয়া, নলবাৰী সমষ্টিৰ বিধায়ক অশোক শৰ্মা, প্ৰাক্তন সাংসদ ন-বিজেপি ভুৱনেশ্বৰ কলিতা, জিলা সভাপতি বনদ্বীপ ডেকাকে ধৰি কেইবাগৰাকীও নেতা কৰ্মী উপস্থিত থাকে । গান্ধী সংকল্প যাত্ৰাত সকলোৱে ১৫ কিলোমিটাৰ পথ অতিক্ৰম কৰিব । সংকল্প যাত্ৰাত অংশগ্ৰহণ কৰি সাংসদ দিলীপ শইকীয়াই কয় যে, কংগ্ৰেছ এতিয়া বস্ত্ৰহীন, কংগ্ৰেছৰ 'গান্ধী টুপি' বৰ্তমান আমি পৰিধান কৰিছো ৷ কংগ্ৰেছে গান্ধীজীৰ আদৰ্শ ৰাখিব নোৱাৰিলে ৷ বৰ্তমান গান্ধীৰ আদৰ্শৰে ভাৰতবৰ্ষক 'ৰামৰাজ্য' হিচাপে গঢ়ি তোলাৰ লক্ষ্যৰে এই গান্ধী টুপি বিজেপিয়ে পৰিধান কৰিছে ৷

ৰাজ্যজুৰি বিজেপিৰ গান্ধী সংকল্প যাত্ৰা

ইফালে নলবাৰীৰ বৰভাগতো বিজেপিয়ে আয়োজন কৰে সংকল্প যাত্ৰা । গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ কুইন ওজাৰ নেতৃত্বত বৰভাগ মণ্ডল বিজেপিৰ কাৰ্যালয়ৰ পৰা উলিওৱা হয় এই সংকল্প যাত্ৰা । জাতিৰ পিতা মহাত্মা গান্ধীৰ আদৰ্শ সমাজত বিয়পোৱাৰ লগতে স্বচ্ছ আৰু প্লাষ্টিক মুক্ত সমাজ গঢ়াৰ বাবে উলিওৱা হয় এই সংকল্প যাত্ৰা । বৰভাগৰ পৰা উলিওৱা এই সংকল্প যাত্ৰা পোন্ধৰ কিলোমিটাৰ পথ অতিক্ৰম কৰিব ।

আনহাতে বিলাসীপাৰাত বিজেপিৰ পুৱ ধুবুৰী জিলা সমিতিৰ উদ্যোগত আৰম্ভ হয় সংকল্প যাত্ৰাৰ | দেশ তথা ৰাজ্যৰ লগতে যোৱা ১৫ অক্টোবৰত ধুবুৰী জিলাৰ গোলকগঞ্জৰ ৰামৰায় কুটিৰ পৰা আৰম্ভ হোৱা সংকল্প যাত্ৰাত দেওবাৰে বিলাসীপাৰাৰ পৰা বেলতলী হৈ ফুটকিবাৰী লৈ যাত্ৰা কৰে ৷ বি জে পিৰ ধুবুৰী জিলা প্ৰভাৰী বিমল ওচৱালে বন্তি প্ৰজ্বলন কৰি শুভাৰম্ভ কৰে সংকল্প যাত্ৰাৰ | প্ৰায় তিনি শতাধিক দলীয় নেতা কৰ্মীয়ে পদব্ৰজে সংকল্প যাত্ৰাত অংশ গ্ৰহণ কৰে |
নগাঁও লোকসভা সমষ্টিটো ভাৰতীয় জনতা পাৰ্টিৰ কৰ্মী সকলে কঠিয়াতলীৰ পৰা নিবুকালিলৈকে গান্ধী সংকল্প যাত্ৰা পালন কৰে । গান্ধী সংকল্প যাত্ৰাত যথেষ্ট সংখ্যক বি জে পি কৰ্মীৰ লগতে সমৰ্থকে অংশ গ্ৰহণ কৰে । প্ৰায় ৯ কিলোমিটাৰ পথত পদ যাত্ৰা কৰে বি জে পি কৰ্মী সকলে । সোমবাৰে পুনৰ বঢ়মপুৰ শ্বহীদ ভৱনৰ পৰা ননৈ লৈ পদযাত্ৰা কৰিব বি জে পি কৰ্মী সকলে ।

ABOUT THE AUTHOR

...view details