অসম

assam

ETV Bharat / state

Bhupen Hazarika Cultural Co-ordination Award: নৃত্যাচাৰ্য যতীন গোস্বামীক ভূপেন হাজৰিকা সাংস্কৃতিক সমন্বয় বঁটা প্ৰদান - Bhupen Hazarika Cultural Co ordination Award

নলবাৰী নাট্যমন্দিৰত সাংস্কৃতিক মহাসভাৰ বিশেষ অনুষ্ঠান । উক্ত অনুষ্ঠানতে নৃত্যাচাৰ্য যতীন গোস্বামীক প্ৰদান কৰা হয় ভূপেন হাজৰিকা সাংস্কৃতিক সমন্বয় বঁটা(Bhupen Hazarika Cultural Co-ordination Award) । উক্ত অনুষ্ঠানত অংশগ্ৰহণ কৰি অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে আগবঢ়াই কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য ।

Bhupen Hazarika Cultural Co ordination Award
নৃত্যচাৰ্য যতীন গোস্বামীলৈ ভূপেন হাজৰিকা সাংস্কৃতিক সমন্বয় বঁটা

By

Published : Nov 5, 2022, 8:19 PM IST

নলবাৰী,৫ নৱেম্বৰ:সাংস্কৃতিক মহাসভা, অসমৰ উদ্যোগত প্ৰতি দুবছৰৰ মূৰে মূৰে প্ৰদান কৰি অহা সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকা সাংস্কৃতিক সমন্বয় বঁটা এইবাৰ দুগৰাকী স্মৰণীয় শিল্পীলৈ আগবঢ়োৱা হৈছে ৷ নৃত্যাচাৰ্য পদ্মশ্ৰী যতীন গোস্বামীক আজি এই বঁটা প্ৰদান কৰা হয়(Bhupen Hazarika Cultural Co-ordination Award) যদিও বিশিষ্ট কণ্ঠশিল্পী সুদক্ষিণা শৰ্মাক শাৰীৰিক অসুস্থতাৰ বাবে আজি বঁটা প্ৰদান কৰিব পৰা নগ'ল ।

নৃত্যাচাৰ্য যতীন গোস্বামীক ভূপেন হাজৰিকা সাংস্কৃতিক সমন্বয় বঁটা প্ৰদান

উল্লেখযোগ্য ২০১৭-১৯ বৰ্ষৰ বাবে যতীন গোস্বামীক এই বঁটা প্ৰদান কৰাৰ লগতে ২০১৯-২১ বৰ্ষৰ বাবে কণ্ঠশিল্পী সুদক্ষিণা শৰ্মাক এই বঁটা প্ৰদান কৰাৰ বাবে ঘোষণা কৰা হৈছিল । শনিবাৰে নলবাৰী নাট্য মন্দিৰত ড৽ ভূপেন হাজৰিকাৰ মৃত্যু দিৱসৰ লগত সংগতি ৰাখি এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত এই বঁটা প্ৰদান কৰা হয় নৃত্যাচাৰ্য পদ্মশ্ৰী যতীন গোস্বামীক(Bhupen Hazarika Cultural Co-ordination Award to Jatin Goswami) ।

এই বঁটা প্ৰদান কৰে অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে । বঁটা প্ৰদান কৰি বিধান সভাৰ অধ্যক্ষ গৰাকীয়ে কয় যে ছয় হাজাৰ বছৰ আগৰ পৰাই অসম সভ্যতা আৰু সংস্কৃতিৰ ৰাজ্য । আহোম ৰজা,চুকাফা,বান ৰজা,নৰকাসুৰ আৰু ৰজা-মহাৰজা সকলে অসমৰ বুৰঞ্জী প্ৰসিদ্ধ কৰি থৈ গৈছে । মহাপুৰুষ শংকৰদেৱে তেঁওৰ অমিয়া সৃষ্টিৰে অসমৰ সংস্কৃতিত বৰপীৰা পাৰি থৈ গৈছে, যি আজিও অসমৰ কৃষ্টি, সংস্কৃতিৰ বৰপথাৰত জিলিকি আছে । আনহাতে লণ্ডনৰ পৰা বৃন্দাবনী বস্ত্ৰ অসমলৈ অনাৰ কথাও সাংবাদিকৰ আগত জানিবলৈ দিয়ে অধ্যক্ষগৰাকীয়ে ।

ইপিনে হাতী আৰু মানুহৰ সংঘাতৰ কথা বিৱৰী দৈমাৰীয়ে কয় যে প্ৰকৃতি ধ্বংস আৰু খাদ্যৰ অভাৱৰ বাবেই বনৰীয়া হাতী জংঘলৰ পৰা ওলাই আহিব লগীয়া হৈছে । সম্প্ৰতি জীৱ-জন্তুকো আমি মানৱীয় দৃষ্টিৰে চাব লাগিব । তেঁও লগতে কয় যে-মানুহৰ জীৱনেই হৈছে সংগ্ৰাম । জীয়াই থকালৈকে মানুহে সংগ্ৰাম কৰিবই লাগিব । সংগ্ৰাম অবিহনে জীৱন নিষ্ফল ।

আনহাতে অসম চৰকাৰে অখিল গগৈৰ পৰ্যাপ্ত চিৎসাৰ সুবিধা প্ৰদান নকৰাৰ অভিযোগক অধ্যক্ষগৰাকীয়ে পোনচাটে নস্যাৎ কৰে । তেঁও কয় যে অখিল গগৈৰ চিকিৎসাৰ বাবে অসম চৰকাৰে অগতীয়া চিকিৎসা সাহাৰ্য আগঢ়াইছে ।

ইফালে বঁটা গ্ৰহণ কৰি নৃত্যাচাৰ্য যতীন গোস্বামী য়ে কয় যে তেঁও এই বঁটা লাভ কৰি যথেষ্ট উৎসাহিত হৈছে । সংস্কৃতিৰ এটা অংশ হৈছে ধৰ্ম । আমি ধৰ্ম পালনত গুৰুত্ব দিব লাগিব । মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ সমন্বয়ৰ প্ৰতীক হিচাপে সত্ৰীয়া নৃত্যই স্বীকৃতি পাইছে । উল্লেখযোগ্য গোস্বামীক ফুলাম গামোচা,জাপি,চেলেং,শৰাই,স্মাৰক,মানপত্ৰ আৰু ২৫ হাজাৰ টকাৰ চেক আগবঢ়োৱা হয় ।

এই অনুষ্ঠানত অভিনন্দন গ্ৰন্থ "নৃত্য সুৰৰ সুগন্ধি সৌৰভ" উন্মোচন কৰে মেঘালয়ৰ বিজ্ঞান আৰু কাৰিকৰী বিশ্ববিদ্যালয়ৰ প্ৰো:উপাচাৰ্য ড৽ বলেন্দ্ৰ কুমাৰ দাসে । আনহাতে স্মাৰকগ্ৰন্থ এখনো উন্মোচন কৰা হয় । সাংস্কৃতিক মহাসভা,অসমৰ সভাপতি পৱিত্ৰ কুমাৰ শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা বঁটা প্ৰদান অনুষ্ঠানত অসম বৃক্ষৰোপন আৰু শস্য উন্নয়ন নিগমৰ অধ্যক্ষ অশোক শৰ্মা, অভিনেত্ৰী চেতনা দাস আৰু ভ্ৰান্তি মেধি উপস্থিত থাকে ।

লগতে পঢ়ক:Jayanta Malla Baruah slams Bhupen Bora: ভূপেন বৰাক ভৱিষ্যতৰ বদন আখ্যা জয়ন্ত মল্ল বৰুৱাৰ

For All Latest Updates

ABOUT THE AUTHOR

...view details