নলবাৰী, ২৩ জানুৱাৰী:নেতাজী সুভাষ চন্দ্ৰ বসুৰ ১২৭ সংখ্যক ওপজা দিন (127th birth anniversary of Bose) সমগ্ৰ দেশৰ লগতে অসমতো আজি পালন কৰা হয় । ৰাজ্য়খনৰ বহুতো দল- সংগঠনে নেতাজীৰ ওপজা দিনটো বিভিন্ন কাৰ্যসূচীৰে উদযাপন কৰে । ইয়াৰ সৈতে সংগতি ৰাখি সোমবাৰে নলবৰীতো উদযাপন কৰা হয় তেওঁৰ জন্মদিন (Birth anniversary of Netaji in Nalbari)৷
নলবাৰীত সুভাষ চন্দ্ৰ বসুৰ জন্ম জয়ন্তী উপলক্ষে সংগ্ৰামী নেতাগৰাকীক শ্ৰদ্ধাঞ্জলি জনাই শোভাযাত্ৰা উলিওৱা হয় (Netajis Birth anniversary)। সুভাষ চন্দ্ৰ বসুৰ জন্ম বাৰ্ষিকী উদযাপন কমিটী, নলবাৰী জিলা সমিতিৰ উদ্য়োগত উলিওৱা এই শোভাযাত্ৰাই চহৰখন পৰিভ্ৰমণ কৰে ৷ এই শোভাযাত্ৰাটোত কেইবা শতাধিক ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে । ভাৰতবৰ্ষৰ স্বাধীনতা আন্দোলনৰ আপোচবিহীন ধাৰাৰ প্ৰতিনিধি সুভাষ চন্দ্ৰ বসুৰ জন্মজয়ন্তী নলবাৰীৰ বিভিন্ন বিদ্যালয়-মহাবিদ্যালয়ত ১৫ জানুৱাৰীৰ পৰা ৫ ফেব্ৰুৱাৰীলৈ পালন কৰি থকা বুলি সদৰী কৰিছে সুভাষ চন্দ্ৰ বসুৰ জন্ম বাৰ্ষিকী উদযাপন কমিটী, নলবাৰী জিলা সমিতিয়ে ৷
এই সন্দৰ্ভত আয়োজকসকলে কয় যে, নৱ প্ৰজন্মক উদ্বুদ্ধ কৰিবলৈ নেতাজীৰ জন্মজয়ন্তীৰ সৈতে সংগতি ৰাখি বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে । নেতাজীৰ চিন্তা আছিল ব্য়তিক্ৰমী । দেশক শোষণ-নিপীড়ণৰ পৰা মুক্ত কৰিবলৈ তেওঁ চেষ্টা কৰিছিল । কেৱল ব্ৰিটিছ শাসনৰ বিৰুদ্ধেি নহয়, দেশত গঠন হ'বলগীয়া নতুন চৰকাৰো যাতে শোষণ-নিপীড়নৰ পৰা আঁতৰি থাকে তাৰ বাবে চেষ্টা চলাইছিল ।