অসম

assam

ETV Bharat / state

বৃহস্পতিবাৰৰ পৰা অনিদিষ্ট কাললৈ বন্ধ থাকিব বিল্বেশ্বৰ দেৱালয়

বৰ্ধিত ক'ভিড-১৯ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি অনিদিষ্ট কাললৈ বিল্বেশ্বৰ দেৱালয় বন্ধ ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে দেৱালয় পৰিচালনা সমিতিয়ে । বৃহস্পতিবাৰৰ পৰা ভক্তই পূজা আগবঢ়াৱ নোৱাৰিব বিল্বেশ্বৰ দেৱালয়ত । সাৱধনতা অৱলম্বন কৰি সকলোকে সুৰক্ষিত হৈ থাকিবলৈ আহ্বান জনাইছে দেৱালয় পৰিচালনা সমিতিয়ে ।

Bileswar temple will remain closed for devotees
বৃহস্পতিবাৰৰ পৰা অনিদিষ্ট কাললৈ বন্ধ থাকিব বিল্বেশ্বৰ দেৱালয়

By

Published : May 5, 2021, 8:37 PM IST

নলবাৰী, ৫ মে': বৃহস্পতিবাৰৰ পৰা অনিৰ্দিষ্ট কাললৈ ভক্তৰ বাবে বন্ধ হৈ থাকিব বিল্বেশ্বৰ দেৱালয়ৰ মুখ্য প্ৰৱেশদ্বাৰ ৷ ক'ভিড-১৯ মহামাৰীৰ ভয়াৱহ সংক্ৰমণৰ পৰিপ্ৰেক্ষিতত দেৱালয় পৰিচালনা সমিতিয়ে এই সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ মহামাৰীসৃষ্ট পৰিস্থিতি নিয়ন্ত্ৰণলৈ অহাৰ পিছতহে পুনৰ দৰ্শনাৰ্থীৰ মন্দিৰৰ দুৱাৰ মুকলি কৰি দিয়া হ'ব ।

বৃহস্পতিবাৰৰ পৰা অনিদিষ্ট কাললৈ বন্ধ থাকিব বিল্বেশ্বৰ দেৱালয়

অৱশ্যে, দেৱালয়ত নিতৌ পুৰোহিতে পূজা আগবঢ়াৱ পাৰিব । এই কথা জানিবলৈ দিয়ে দেৱালয় পৰিচালনা সমিতিৰ দলৈ ৰঞ্জিত মিশ্ৰই । ক'ভিড-১৯ৰ সংক্ৰমণ ৰোধ কৰিবলৈ সকলোকে সজাগ আৰু সতৰ্ক হৈ থাকি নিজৰ লগতে সমাজখনক সুৰক্ষিত কৰিবলৈ আহ্বান জনায় ৰঞ্জিত মিশ্ৰই ৷

ৰজা নাগাক্ষৰ দিনতে স্থাপিত বিল্বেশ্বৰ দেৱালয়লৈ নিতৌ বহু ভক্তৰ আগমণ ঘটে ৷ কিন্তু, ৰাজ্যত ক'ভিড-১৯ৰ দ্বিতীয় ঢৌৱে ত্ৰাসৰ সৃষ্টি কৰাত চৰকাৰে নিৰ্ধাৰণ কৰা ক'ভিড প্ৰট'কল মানি দেৱালয় কৰ্তৃপক্ষই এই পদক্ষেপ হাতত লৈছে ৷

লগতে পঢ়ক:ৰাজ্যিক বিজেপিৰ সংখ্যালঘু মৰ্চা ভংগ

ABOUT THE AUTHOR

...view details