নলবাৰী,17 অক্টোবৰ:নলবাৰী চহৰৰ পৰা প্ৰায় 10 কিল’মিটাৰ দূৰত্বত অৱস্থিত ৰাজ্যৰ শৈৱ শক্তিপীঠসমূহৰ ভিতৰত অন্যতম এখন দেৱালয় হৈছে বেলশৰস্থিত বিল্বেশ্বৰ দেৱালয় ৷ ইতিহাস প্ৰসিদ্ধ এই দেৱালয়খন স্থাপন কৰিছিল ৰজা নাগাক্ষই ৷ দেৱালয়খন চৰ্চিত হৈ আহিছে ইয়াত অনুষ্ঠিত হোৱা দুৰ্গা পূজাৰ বাবে ৷ এই দেৱালয়ত প্ৰতিদিনে ভক্তৰ মাজত ভোগ বিতৰণ কৰা হয় ৷ হিন্দু-মুছলমানৰ মাজত ঐক্যৰ ধ্বজাবাহক হিচাপে পৰিচিত দেৱালয়খনৰ এখন ভোগৰ থাল মুছলমান ৰাইজক আগবঢ়োৱাতো পুৰণি প্ৰথা ৷ যি পৰিচিত বেলশৰীয়া খাৰা হিচাপে ৷ মনত থকা দিনৰে পৰা দেৱালয়ৰ নিয়মীয়া পূজাত আগভাগ লৈ আহিছে ইছলামধৰ্মী লোকসকলে ৷ যিয়ে হিন্দু-মুছলমানৰ মাজত সম্প্ৰীতিৰ এনাজৰীডাল অধিক কটকটীয়া কৰাত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে ৷ মূৰ্তি পূজাৰ বিপৰীতে ৰাম কলগছক দেৱী সজাই দুৰ্গা পূজা কৰাতো দেৱালয়খনৰ অন্যতম বৈশিষ্ট্য ৷ পূৰ্বতে দেৱালয়খনত মূৰ্তি পূজাৰ প্ৰচলন আছিল ৷ কিন্তু বিগত প্ৰায় 25 বছৰ পূৰ্বৰ পৰা পুৰোহিতে প্ৰতীকী ৰূপত ৰাম কলগছ স্থাপন কৰি দেৱী দশভূজাক পূজা কৰি আহিছে ৷
বিশেষকৈ নৱমী পূজাৰ দিনা হোৱা ম’হ বলিৰ বাবে দেৱালয়খনলৈ দূৰ-দূৰণিৰ পৰা আগমন ঘটে ভক্তৰ৷ ৰীতি-নীতি অনুসৰি প্ৰতিদিনে দেৱালয়ত সম্পন্ন হৈ আহিছে পূজা-অৰ্চনা৷ হিন্দু ধৰ্মীয় পৰম্পৰা অনুসৰি প্ৰতিটো পূজা অনুষ্ঠিত হোৱা দেৱালয়খনৰ সুকীয়া বৈশিষ্ট্য বিদ্যমান ৷ দেৱালয়খনত বৈদিক পৰম্পৰা ৰক্ষা কৰি প্ৰতিবছৰে অনুষ্ঠিত কৰা হয় নৱৰাত্ৰি ৷ মহিষমৰ্দিনী দুৰ্গাক অৰ্চনা কৰা হয় নটা ভিন্ন ৰূপত ৷